Amrit Kalah Jatra: কলিয়াবৰত আৰম্ভ ’অমৃত কলহ যাত্ৰা’

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 12:56 PM IST

thumbnail

কলিয়াবৰ, 2 অক্টোবৰ: সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে কলিয়াবৰতো আৰম্ভ হয় মাটি সংগ্ৰহ অভিযান ৷ নগাঁও জিলাৰ কলিয়াবৰত আয়োজিত অনুষ্ঠানত ৰাজ‍্যৰ স্বাস্থ‍্য মন্ত্ৰী কেশৱ মহন্তই আমগুৰি আৰু হাতীগাঁও পঞ্চায়তত অংশ লৈ অভিযানৰ সফলতা কামনা কৰে । উল্লেখ্য যে, ’মোৰ মাটি মোৰ দেশ’ শীৰ্ষক এই অভিযানৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ পৰা 540 কলহ মাটি সংগ্ৰহ কৰা হ’ব । 

ইয়াৰে 270 কলহ মাটি প্ৰেৰণ কৰা হ’ব নতুন দিল্লীৰ অমৃত উদ্যানলৈ । আন 270 কলহ মাটি ব্যৱহৃত হ’ব কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলাত । এই মাটি সংগ্ৰহ অভিযান গাঁও, মৌজা, উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ত চলিব । দেশৰ একতাৰ বাবে ’মোৰ মাটি মোৰ দেশ’ শীৰ্ষক এই মাটি সংগ্ৰহ অভিযানে দেশৰ একতা ৰক্ষাত প্ৰভূত বৰঙণি আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ।

উল্লেখযোগ‍্য যে, 20 ছেপ্তেম্বৰৰ পৰা অসমৰ প্ৰতিটো পৰিয়ালৰ পৰা মটি সংগ্ৰহ অভিযান চলি আছে ৷ স্বাধীনতাৰ অমৃত কাল উপলক্ষে ’মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এই অমৃত কলহ যাত্ৰা ৷ 

লগতে পঢ়ক: Amrit Kalash yatra: টীয়কত ’অমৃত কলহ যাত্ৰা’ ত অংশগ্ৰহণ কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.