Amrit Kalash yatra: টীয়কত ’অমৃত কলহ যাত্ৰা’ ত অংশগ্ৰহণ কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 11:03 AM IST

thumbnail

টীয়ক, 2 অক্টোবৰ: সমগ্ৰ দেশতে আৰম্ভ হৈছে 'অমৃত কলহ যাত্ৰা' । শ্বহীদসকলৰ স্মৃতিত পৱিত্ৰ স্মৃতিসৌধ নিৰ্মাণৰ অৰ্থে চৰকাৰে দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা মাটি সংগ্ৰহৰ বাবে কৰা অভিযান অসমৰ অন্যান্য স্থানৰ লগতে টীয়কতো আৰম্ভ হৈছে । দেওবাৰে টীয়ক পৌৰসভাৰ অন্তৰ্গত 7 নং আৰু 5 নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ক্ৰমে তুলতুল হাজৰিকা আৰু দিগন্ত বৰাৰ নেতৃত্বত পাঁচ শতাধিক ৰাইজৰ সহযোগত 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

গায়ন-বায়ন, ঝুমুৰ, আইনাম, দিহানামেৰে নগৰখনৰ মিধাঘাটস্থিত নামঘৰত গুৰুৰ চৰণত সেৱা জনাই এই যাত্ৰা আৰম্ভ কৰি টীয়ক নগৰৰ মাজমজিয়াৰে এক সমদল উলিয়াই পৌৰসভাৰ কাৰ্যালয়লৈ যাত্ৰা কৰে আটায়ে । উক্ত কাৰ্যসূচীত টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, ৱাৰ্ড আয়ুক্ত শিখা দত্ত, ৰাজশ্ৰী দাস, বিজেপি কলিয়াপানী মণ্ডলৰ সভাপতি ৰাতুল বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উক্ত কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Mission Bashundhara 2.0: মিছন বসুন্ধৰা 2 ৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে মৰিগাঁৱত মন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.