ETV Bharat / state

Mission Bashundhara 2.0: মিছন বসুন্ধৰা 2 ৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে মৰিগাঁৱত মন্ত্ৰী কেশৱ মহন্ত

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 7:16 AM IST

Updated : Oct 2, 2023, 10:51 AM IST

minister keshab mahanta visits Morigaon to review
বসুন্ধৰা 2 ৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে মৰিগাওঁত মন্ত্ৰী কেশৱ মহন্ত

দেওবাৰে মৰিগাঁৱত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত ৷ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত আয়ুক্ত আৰু পাঁচ ৰাজহ চক্ৰ বিষয়াৰ সৈতে মিছন বসুন্ধৰা-2 ৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷ ক্ষীপ্ৰতাৰে মিছন বসুন্ধৰা-2 ৰ কাম-কাজ কৰিবৰ বাবে সংশ্লিষ্ট পক্ষলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

মৰিগাঁও, 2 অক্টোবৰ: মৰিগাঁৱত মিছন বসুন্ধৰা-2 ৰ অগ্ৰগতি পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ ৷ মৰিগাঁও জিলাত অসম চৰকাৰৰ অভিলাষী কাৰ্যসূচী 'মিছন বসুন্ধৰা- 2 'ৰ কাৰ্য ৰূপায়নৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ উপলক্ষে দেওবাৰে জিলাখনত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকী । দেওবাৰে আগবেলা মৰিগাঁও আৱৰ্ত ভৱনত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত বিমান দাসৰ লগতে জিলাখনৰ পাঁচটা ৰাজহ চক্ৰ মৰিগাঁও, মায়ং, লাহৰিঘাট, মিকিৰভেটা আৰু ভূৰাগাঁৱৰ চক্ৰ বিষয়াকেইগৰাকীৰ সৈতে এখন বৈঠকত মিলিত হৈ অভিভাৱক মন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলাত মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় ।

ৰাজ্যখনৰ ভূমিহীন পৰিয়ালসমূহক বছৰ বছৰ ধৰি নিজৰ দখলত থকা ভূমিৰ অধিকাৰ প্ৰদানৰ অভিলাষী লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত আৰম্ভ হোৱা মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ হৈছে মৰিগাঁও জিলাত ৷ জিলাখনত আবেদন কৰা পৰিয়ালসমূহৰ আবেদন পত্ৰসমূহ পৰীক্ষণ কৰি ভূমি বন্দোৱস্তি প্ৰদানৰ বাবে জিলা উপায়ুক্তৰ তত্বাৱধানত জিলা প্ৰশাসন তথা ৰাজহ বিভাগে ক্ষিপ্ৰতাৰে কাম-কাজ চলাই আছে ।

minister keshab mahanta visits Morigaon to review
বসুন্ধৰা 2 ৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে মৰিগাওঁত মন্ত্ৰী কেশৱ মহন্ত

ইতিমধ্যে জিলাখনৰ ভূমিহীন পৰিয়ালসমূহৰ আবেদন পত্ৰ বিবেচনাৰ বাবে যোৱা 7 আগষ্ট, 20 ছেপ্টেম্বৰ আৰু 30 ছেপ্টেম্বৰত জিলা আয়ুক্তৰ অধ্যক্ষতাত মৰিগাঁও মহকুমা ভূমি উপদেষ্টা সমিতিৰ তিনিখনকৈ বৈঠক অনুষ্ঠিত হৈ যায় । এই তিনিওখন বৈঠকত মহকুমা ভূমি উপদেষ্টা সমিতি (SDLAC)য়ে বিবেচনা কৰা ভূমি বন্দোৱস্তি প্ৰস্তাৱ সন্দৰ্ভত দেওবাৰৰ বৈঠকত অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) আৰু চক্ৰ বিষয়াসকলৰ সৈতে বিতংভাৱে আলোচনা কৰে ।

মন্ত্ৰী মহন্তই দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত মৰিগাঁও মহকুমা ভূমি উপদেষ্টা সমিতিৰ দ্বাৰা গৃহীত ভূমি বন্দোৱস্তিৰ প্ৰস্তাৱ ৰাজি খৰচি মাৰি পৰ্যালোচনা কৰি মন্ত্ৰী হিচাপে অনুমোদন আগবঢ়ায় ।

লগতে পঢ়ক: Man Commits Suicide: ধাৰ পৰিশোধ কৰিব নোৱাৰি তিনিচুকীয়াত এজনৰ আত্মহত্যা

Last Updated :Oct 2, 2023, 10:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.