Man Commits Suicide: ধাৰ পৰিশোধ কৰিব নোৱাৰি তিনিচুকীয়াত এজনৰ আত্মহত্যা

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 10:39 PM IST

Updated : Oct 9, 2023, 3:41 PM IST

thumbnail

তিনিচুকীয়া, ১ অক্টোবৰ: তিনিচুকীয়া চহৰৰ দহতীয়াচুকত অঘটন ৷ দেওবাৰে দহতীয়াচুকৰ নিবাসী বিশ্বজ্যোতি দাস (৪১) নামৰ যুৱকজনৰ ৰহস্যজনক অৱস্থাত নিজ বাসগৃহত মৃতদেহ উদ্ধাৰ কৰা হয় । যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ পিচতে সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে  । 

যুৱকজনৰ পৰিয়ালৰ ভাষ্য অনুসৰি যুৱকজনে ব্যক্তিগত কাৰণত বহু কেইজন ব্যক্তিৰ পৰা টকা ধাৰলৈ লৈছিল যদিও বিশেষ অসুবিধাৱশতঃ ধন সময়মতে পৰিশোধ কৰিব নাছিল ৷ ইয়াৰ ফলতেই যুৱকজনে আত্মহত্যা কৰে । 

লগতে যুৱকজনে মৃত্যুৰ পূৰ্বে এখন ছুইচাইড নোট লিখি থৈ গৈছে ৷ য’ত পংকজ জ্যোতি বৰুৱাৰ লগতে সিং উপাধিৰ এগৰাকী মহিলাক বৌ বুলি সম্বোধন কৰি আন এগৰাকী মহিলাৰ নাম ছুইচাইড নোটখনত উল্লেখ কৰিছে ৷ ছুইচাইড নোটখনত উল্লেখ কৰা অনুসৰি, লোকজনক ধন পৰিশোধ কৰিব নোৱাৰাৰ বাবে হত্যাৰ ভাবুকি দিছিল ৷

যুৱকজনৰ মৃত্যুৰ পিচত ছুইচাইড নোটত উল্লেখিত ব্যক্তিসকলৰ ওপৰত তদন্ত হ'ব নে নাই, প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক: Attempt to rape: লাহোৱালত কলেজীয়া ছাত্ৰীক ঘৰৰ ভিতৰতে ধৰ্ষণৰ অপচেষ্টা; অভিযুক্ত বিনোদ গগৈক গ্ৰেপ্তাৰ

Last Updated : Oct 9, 2023, 3:41 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.