Attempt to rape: লাহোৱালত কলেজীয়া ছাত্ৰীক ঘৰৰ ভিতৰতে ধৰ্ষণৰ অপচেষ্টা; অভিযুক্ত বিনোদ গগৈক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 7:54 PM IST

thumbnail

মৰাণ, 1 অক্টোবৰ: ডিব্ৰুগড় জিলাৰ লাহোৱালৰ নিজ মৈদুমীয়া গাঁৱত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী কলেজীয়া ছাত্রীক নিশা শুই থকা অৱস্থাত বিনোদ গগৈ নামৰ এটা লম্পটে ধৰ্ষণৰ চেষ্টা কৰা বুলি ছাত্ৰীগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । ছাত্ৰীগৰাকীয়ে মোহনবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা পিচতেই দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত বিনোদ গগৈ । বৰ্তমান বিনোদ গগৈক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । 

ঘটনা অনুসৰি শনিবাৰে পুৱতি নিশা প্ৰায় 1 মান বজাত অতি গোপনে বিনোদে ঘৰত প্ৰৱেশ কৰি ছাত্ৰীগৰাকীৰ লগত অসৎ কৰ্মত লিপ্ত হ'বলৈ চেষ্টা কৰিছিল । কিন্তু ছাত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত পলাবলৈ লওঁতেই পৰিয়ালৰ লোকে উত্তম-মধ্যম দিয়ে বিনোদক । বিনোদ গগৈয়ে পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত কৰা বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Mother Sells Infant : নৱজাতক বিক্ৰীৰ অভিযোগত নগাঁৱৰ হুজগাঁৱত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.