Mother Sells Infant : নৱজাতক বিক্ৰীৰ অভিযোগত নগাঁৱৰ হুজগাঁৱত উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:06 PM IST

thumbnail

নগাঁও, 1 অক্টোবৰ : এটি নৱজাতক বিক্ৰীৰ অভিযোগক কেন্দ্ৰ কৰি দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ হুজগাঁও । নগাঁৱৰ হুজগাঁৱৰ নিজৰ ভিনিহিয়েকৰ ঘৰত থকা এগৰাকী মহিলাই শনিবাৰে নিশা জন্ম দিয়ে এটি পুত্ৰ সন্তান । কিন্তু জন্ম হোৱাৰ নিশাটো মাতৃৰ বুকুত থকাৰ পিচত পুৱাই মাতৃয়ে নিজৰ বুকু উদং কৰি নৱজাতকটিক আন এটা পৰিয়ালক গতাই দিয়াৰ সময়তেই স্থানীয় লোকে বাধা প্ৰদান কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ।

জন্মৰ এটা দিন পিচতেই নিজ পুত্ৰ সন্তানটিক নগাঁও চহৰৰ খুটিকটিয়াৰ আন এটা পৰিয়ালক বিক্ৰী কৰাৰ যো-জা চলোৱাৰ উমান পায় বাধা প্ৰদান কৰে স্থানীয় লোকে । লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ সন্তান নিবলৈ অহা মহিলাগৰাকীক আটক কৰে ৷

নৱজাতকটিক ধনৰ বিনিময়ত বিক্ৰীৰ চেষ্টা কৰা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে যদিও স্বামী তথা স্বামী অত্যাচাৰৰ বলি হোৱা, সন্তানটিক ডাঙৰ দীঘল কৰিবলৈ সন্মুখীন হ’বলগীয়া অৰ্থৰ সমস্যাৰ বাবেই সন্তানটিক আন এটা পৰিয়ালক গতাই দিয়া বুলি উল্লেখ কৰে নৱজাতকৰ মাতৃয়ে ।

ইপিনে সন্তানটিক ধনৰ বিনিময় নোহোৱাকৈ নিবলৈ অহাৰ কথা স্বীকাৰ কৰে আৰক্ষীয়ে আটক কৰা মহিলাগৰাকীয়ে । আনকি সন্তানক আন এটা পৰিয়ালক গতাই দিয়া ঘটনাত সাঙোৰ খাই পৰিছে আশা কৰ্মীও । অৱশ্যে আশা কৰ্মীয়ে সন্তান বিক্ৰীৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰে ।

এতিয়া আৰক্ষীৰ তদন্তৰ পিচতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব যদিও জন্মৰ এটা দিন পিচতেই নিজ সন্তানক আনৰ হাতত গতাই দিব বিচাৰে কাৰ্যই স্তম্ভিত কৰি তুলিছে সৰ্বসাধাৰণক ৷

লগতে পঢ়ক : Mother Sells Infant: 2 লাখ টকাত সদ্যোজাত সন্তানক বেচি আৰক্ষীৰ জালত মাতৃসহ 4

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.