হিমন্ত বিশ্ব শৰ্মাই অসমৰ যিকোনো সমষ্টিৰ পৰাই নিৰ্বাচন খেলিলেই জিকিব- মন্ত্ৰী যোগেন মহন

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 11:15 AM IST

thumbnail

মৰাণ, 1 জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ ইয়াৰ মাজতে ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা চলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব । এই খবৰ বিজেপি দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এই খবৰে উজনিত বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত চৰ্চা চলিছে। 

এই সম্পৰ্কে চৰাইদেউ জিলাৰ মাহমৰাত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেবিনেট মন্ত্ৰী যোগেন মহনে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যিকোনো সমষ্টিৰ পৰা নিৰ্বাচন খেলিলে জয়লাভ কৰিব । মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ জনপ্ৰিয়তা, কাম কৰাৰ উদ্যম যোৱা আঢ়ৈ বছৰে অসমৰ ৰাইজে দেখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত ল'লে যোৰহাট সমষ্টিৰ ৰাইজে আদৰণি জনাব ৷

লগতে পঢ়ক: নতুন বছৰত ন-উদ‍্যমেৰে কাম কৰিব অসম গণ পৰিষদে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.