ভূপেন বৰাৰ চিন্তা আৰু বিজেপিৰ চিন্তাৰ, পৰিকল্পনাৰ পাৰ্থক্য আছে: অশোক সিংহল

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 6:23 PM IST

thumbnail

তেজপুৰ, 11 ডিচেম্বৰ : "ভূপেন বৰাৰ এজেণ্ডা হ’ল অসমৰ মানুহ বাহিৰলৈ গৈ মলত চাকৰি কৰিব লাগে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ চিন্তা হ’ল অসমৰ ল’ৰা-ছোৱালীয়ে দক্ষতাৰ প্ৰশিক্ষণ লৈ অসমতে কেনেকৈ নিজৰ ভৰিত থিয় হ’ব পাৰে ৷" এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ৷ সোমবাৰে তেজপুৰত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী সিংহলে কয় যে, ভূপেন বৰাৰ চিন্তাৰ আৰু বিজেপিৰ চিন্তাৰ, পৰিকল্পনাৰ পাৰ্থক্য আছে ৷ কংগ্ৰেছে অসমক অন্ধকাৰলৈ ঠেলিব খোজে বুলি মন্তব্য কৰে তেওঁ ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে অসমক স্বাৱলম্বী, আত্মনিৰ্ভৰ কৰাৰ কাৰণে লাগি আছে ৷  

আজি তেজপুৰত শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ভূমি হস্তান্তৰ সম্পৰ্কীয় এখন বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী সিংহলে ৷ 2006 চনৰ বন আইনৰ অধীনত বনাঞ্চলত থকা লোক সকলক ভূমিৰ পট্টা দিয়াৰ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে তেওঁ ৷
 

লগতে পঢ়ক : কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা কেতিয়াবা ওপৰে ওপৰে কেতিয়াবা তলে তলে থাকে : পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.