ETV Bharat / state

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা কেতিয়াবা ওপৰে ওপৰে কেতিয়াবা তলে তলে থাকে : পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 5:12 PM IST

BJP workers conference held in Tamulpur Kumarikata
কুমাৰীকাটাত আয়োজন বিজেপি কাৰ্যকৰ্তা সন্মিলন

সোমবাৰে তামুলপুৰৰ কুমাৰীকাটাত আয়োজন কৰা হয় বিজেপি কাৰ্যকৰ্তা সন্মিলন ৷ এই সন্মিলনত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা ৷ এই সন্মিলনতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৰ মিত্ৰতা সদায় থাকে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই (Pijush Hazarika comments on Congress-AIUDF alliance) ৷

কুমাৰীকাটাত আয়োজন বিজেপি কাৰ্যকৰ্তা সন্মিলন

বাক্সা, 11 ডিচেম্বৰ : সন্মুখত লোকসভা নিৰ্বাচন 2024 ৷ বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনৰ কুচকাৱাজ ৷ আজি অৰ্থাৎ সোমবাৰে নৱগঠিত তামুলপুৰ জিলাৰ কুমাৰীকাটাত বিজেপি কাৰ্যকৰ্তাৰ এখন সন্মিলন অনুষ্ঠিত হয় ৷ এই সন্মিলনৰ বিশাল জনসভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ এই জনসভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই কেতবোৰ মন্তব্য কৰে ৷

তেওঁ ভাষণ প্ৰসংগত কয় যে পূৰ্বৰ চৰকাৰে যিখিনি কাম কৰি থৈ গ’ল তাতকৈ বৰ্তমানৰ বিজেপিৰ সন্মিলিত চৰকাৰখনে বহু উন্নয়নমূলক কাম কৰি গৈ আছে ৷ যাতায়াত ব্যৱস্থা, শিক্ষা, স্বাস্থ্য, কাৰিকৰী আদিত চৰকাৰখন ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহুখিনি আগবাঢ়ি গৈ আছে বুলিও ভাষণত কয় ৷ বিটিআৰত বিজেপি দলে ইউপিপিএল দলৰ লগত চৰকাৰ গঠন কৰি বিটিআৰক জাকত জিলিকা কৰিবলৈ প্ৰয়াস কৰিছে ৷ নিবনুৱা সমস্যা সমাধানৰ ওপৰতো গুৰুত্ব আৰোপ কৰা বুলি তেওঁ ভাষণত কয় ৷

সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰীকাই কয়, ‘‘কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৰ মিত্ৰতা সদায় থাকে ৷ কেতিয়াবা ওপৰে ওপৰে থাকে, কেতিয়াবা তলে তলে থাকে ৷ বৰ্তমান অসমৰ কোনো জিলাতেই কংগ্ৰেছৰ নাম নাই ৷ মাত্ৰ নগাঁও সমষ্টিতেই কংগ্ৰেছ আছে ৷ কাৰণ তাত সন্দেহযুক্ত বাংলাদেশীমূলৰ মানুহ আছে’’ ৷

উল্লেখ্য যে, সোমবাৰে আয়োজিত এই সভাত মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া, কেবিনেট মন্ত্ৰী অজন্তা নেওগ, সুশান্ত বঢ়াগোঁহাইৰ লগতে ৰাইজ ৷ বিজেপি কাৰ্যকৰ্তাৰ এই সভাখন পৰিচালনা কৰে বিটিআৰৰ প্ৰাক্তন ই.এম. বিজিৎ গৌৰা নাৰ্জাৰীয়ে ৷

লগতে পঢ়ক : ৰাজনৈতিক মুনাফা আদায়ৰ বাবে মুখ্যমন্ত্ৰীয়ে NRC ৰ কথা কৈছে: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.