ৰাজনৈতিক মুনাফা আদায়ৰ বাবে মুখ্যমন্ত্ৰীয়ে NRC ৰ কথা কৈছে: লুৰীণজ্যোতি গগৈ

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 4:19 PM IST

thumbnail

মৰাণ, 11 ডিচেম্বৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণক লৈ দীৰ্ঘদিন ধৰি প্ৰতিক্ৰিয়া চলি আহিছে যদিও নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ হৈ উঠা নাই । এক প্ৰকাৰ নাগৰিকপঞ্জীক লৈ অসমত দীৰ্ঘদিন ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালিয়াতিৰে NRC ত নামভৰ্তি কৰাসকলক সাৱধান হ'বলৈ সকিয়াই দিয়াৰ লগতে অতি শীঘ্ৰে পৰ্যায়ক্ৰমে ভুৱা নথিৰে NRC ত নাম অন্তৰ্ভুক্ত কৰাসকলক চিনাক্ত কৰিব  বুলি ঘোষণা কৰিছে ৷

ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয় যে NRCৰ সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ তদাৰক আৰু নিৰ্দেশত চলি আছে । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত বিভিন্ন বিষয়ত চৰকাৰৰ পৰা উচ্চতম ন্যায়ালয়ে শপতনামা বিচাৰিছিল যদিও আজি পৰ্যন্ত চৰকাৰে উচ্চতম ন্যায়ালয়ক শপতনামা প্ৰদান নকৰিলে । চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীৰ যি দায়িত্ব তাক পালন নকৰি মানুহৰ মাজত জনপ্ৰিয়তা আৰু ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে NRC ৰ কথা কৈছে । 

লগতে পঢ়ক: APCC Leader Bhupen Borah: এন আৰ চিৰ বিষয়টো জটিল কৰিবলৈ চৰকাৰখনে চেষ্টা কৰিব নালাগে: ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.