Micro Finance Relief Scheme Program in Dhemaji : চৰকাৰৰ বিত্তীয় অৱস্থা ভাল, সেয়ে ঋণ ল’ব পাৰিছে: মন্ত্ৰী পেগু

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 6:39 PM IST

thumbnail

ধেমাজি,16 অক্টোবৰ: ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত সোমবাৰে ধেমাজি ষ্টেডিয়ামত অনুষ্ঠিত হয় মাইক্ৰফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰা অনুষ্ঠান ৷ উক্ত অনুষ্ঠাত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ আজিৰ অনুষ্ঠানত মন্ত্ৰী পেগুৱে ধেমাজি জিলাৰ 7 হাজাৰ মহিলাক ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷

আনহাতে তৃতীয় পৰ্যায়ত ৰাজ্যখনৰ মুঠ 2 লাখ 22 হাজাৰ মহিলাক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰাজকোষৰ পৰা 300 কোটি টকা ব্যয়সাপেক্ষ ঋণমুক্ত কৰিছে মহিলাসকলক ৷  ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ কৰি মন্ত্ৰী পেগুৱে ভাষণ প্ৰসংগত কয় যে, দা-দৰমহা, অনুদান, সাহায্য, উদগনিমূলক সাহায্য পোৱা সকলোৱে হিতাধিকাৰী ৷

আনহাতে ৰাজ্য চৰকাৰে ঋণ লৈ হিতাধিকাৰী সৃষ্টিৰ সন্দৰ্ভত বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰসংগত মন্ত্ৰী পেগুৱে কয়, ‘‘অসম চৰকাৰ বিত্তীয় অৱস্থা ভাল হোৱাৰ বাবে বিভিন্ন বেংকৰ পৰা ঋণ ল’ব পাৰিছো ৷’’

লগতে পঢ়ক:Ribi Gacheng controversy: মিচিং ৰাইজে বিচাৰিলে ক্ষমা খুজিবলৈ সাজু ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.