ETV Bharat / state

Ribi Gacheng controversy: মিচিং ৰাইজে বিচাৰিলে ক্ষমা খুজিবলৈ সাজু ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 10:30 AM IST

চিচিবৰগাঁও বিধানসভা সমষ্টিত চাঙে চাঙে কংগ্ৰেছৰ বিশাল সভা । মিচিং জনগোষ্ঠীৰ স্বাভিমান ৰিবি গাচেঙক অপমান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ভূপেন বৰাৰ । মিচিং ৰাইজে বিচাৰিলে ক্ষমা খুজিবলৈ সাজু কংগ্ৰেছ সভাপতি বৰা ।

apcc leadr bhupen borah opens up on ribi gacheng controversy
চাঙে চাঙে কংগ্ৰেছৰ বিশাল সভা

চাঙে চাঙে কংগ্ৰেছৰ বিশাল সভা

জোনাই, ১৬ অক্টোবৰ : সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ব্যাপক ৰূপত সাংগঠনিক ভেঁটি মজবুত কৰাত তৎপৰ হোৱা দেখা গৈছে অসম প্ৰদেশ কংগ্ৰেছক । চাঙে চাঙে কংগ্ৰেছৰ বিশাল সভাৰ দেওবাৰে দ্বিতীয় দিনা ধেমাজিৰ নতুন চিচিবৰগাঁও বিধানসভা সমষ্টিত ‘চাঙে চাঙে কংগ্ৰেছ’ কাৰ্যসূচীত দেখা গ’ল ৰাইজৰ অভূতপূৰ্ব সঁহাৰি । চিচিবৰগাঁও সমষ্টিৰ আমগুৰি নাহৰণী কুলি গাঁৱত বিশাল সভাত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰে উন্নয়নৰ নামত জনজাতি ৰাইজৰ লগত কৰা বঞ্চনা কৰাৰ উপৰিও অৰুণোদয়, পি এম এৱাই জি আঁচনিৰ পৰা জনজাতীয় মহিলাৰ নাম কৰ্তন কৰাৰ অভিযোগ তোলে ।

‘উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপিৰ এই চৰকাৰখনৰ মন্ত্ৰী বিধায়ক ডা: ৰণোজ পেগু, ভুৱন পেগুৱে কেৱল নিজৰ স্বাৰ্থৰ বাবে কাম কৰিছে ৷ সমষ্টিৰ উন্নয়ন, জনজাতি ৰাইজৰ বাবে একো কৰা নাই’, এইবুলি ক্ষুৰধাৰ সমালোচনা কৰে সভাপতি ভূপেন বৰাই । ইফালে শনিবাৰে জোনাই সমষ্টিত চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচীত মিচিং জাতিৰ স্বাভিমানস্বৰূপ ৰিবি গাচেঙক ভৰিৰে গচকি চূড়ান্ত অপমান কৰা বুলি সামাজিক মাধ্যমত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক ট্ৰ’ল কৰা হৈছে ৷

সামাজিক মাধ্যমত তোলপাৰ লগোৱাত এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয় - ৰাইজৰ মাজলৈ গৈছো, গৃহস্থই মৰমত আদৰণী জনাই য’ত বহিব দিছে তাতে বহিছো । সেইটোও যদি অপমান কৰা হৈছে তেন্তে মিচিং ৰাইজে বিচাৰিলে মই ক্ষমা খুজিবলৈ প্ৰস্তুত আছো । কাৰ্যসূচীত সভাপতি ভূপেন বৰাৰ লগতে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ লগতে বহু শীৰ্ষ কংগ্ৰেছী উপস্থিত থাকে ।

লগতে পঢ়ক : Bhupen Bora controversy: ৰিবি গাচেং ভৰিৰে গচকি বিপাঙত পৰিল কংগ্ৰেছ সভাপতি ভূপেন বৰা

Bhupen Borah controversy: ‘‘ক্ষমা খোজক, অন্যথা প্ৰত্যাহবানৰ সন্মুখীন হ’ব ভূপেন বৰা’’; হুংকাৰ মিচিং জাতীয় সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.