Bhupen Bora controversy: ৰিবি গাচেং ভৰিৰে গচকি বিপাঙত পৰিল কংগ্ৰেছ সভাপতি ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 4:19 PM IST

thumbnail

জোনাই, 15 অক্টোবৰ : মিচিং সম্প্ৰদায়ৰ সন্মানৰ প্ৰতীক ৰিবি গাচেঙক ভৰিৰে গচকি অপমান কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ৷ একাংশ মিচিং ৰাইজৰ ৰোষত অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ৷ মিচিং ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ ভূপেন বৰাক দাবী বিজেপি বিধায়ক ভুৱন পেগুৰ লগতে মিচিং জাতীয় দল-সংগঠনৰ ৷

জোনাই সমষ্টিত 'চাঙে চাঙে কংগ্ৰেছ' যাত্ৰা সুখকৰ নহ'ল ভূপেন বৰাৰ । অসমৰ অন্যতম জনজাতি ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ স্বাভিমান স্বৰূপ ৰিবি গাচেঙক অপমান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । শনিবাৰে জোনাই সমষ্টিৰ চিমেনমুখ পঞ্চায়তৰ ন-পাম কুলি গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া উপেন কুলিৰ গৃহত এই কাণ্ড সংঘটিত হয় । 

চাঙে চাঙে কংগ্ৰেছ যাত্ৰাত মিচিং চাঙঘৰত মিচিং জাতীয় স্বাভিমান ৰিবি গাচেংখন ভৰিৰে গচকি যোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ মিচিং জাতিক কৰা এই অপমানক ক্ষুৰধাৰ সমালোচনা কৰি মিচিং জাতিৰ ঘৰে ঘৰে গৈ ক্ষমা খুজিবলৈ সংবাদ মাধ্যমৰ যোগেদি দাবী জনাইছে বিজেপি বিধায়ক ভুৱন পেগুৰ লগতে মিচিং সাহিত্য সভাই । ছ’চিয়েল মাধ্যমযোগে কংগ্ৰেছ সভাপতি ভূপেন বৰাক তীব্ৰ গৰিহণা দিছে সদৌ মিচিং ছাত্ৰ সন্থাৰ সভাপতি তিলক দলেয়ে । এই বিষয়টো সামাজিক মাধ্যম ফেচবুকত যথেষ্ট চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক: Govt Employees: শিক্ষকৰ দৰে আন কৰ্মচাৰীৰ বাবেও প্ৰযোজ্য হ'ব উপস্থিতিৰ ডিজিটেল ব্যৱস্থা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.