Demanding to solve cab drivers problem: গুৱাহাটীৰ কেব চালকৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত বোন্দাত সভা

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 10:54 PM IST

thumbnail

গুৱাহাটী,৪ ছেপ্টেম্বৰ : গুৱাহাটীৰ কেব চালকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মুক্তি নামৰ এটা WhatsApp গ্ৰুপৰ উদ্যোগত আৰু গুৱাহাটী কেব চালকসকলৰ সহযোগত বোন্দাত সোমবাৰে এখন সভা অনুষ্ঠিত হয় । এই সভাৰ জৰিয়তে কেবচালক সকলে কেইবাটাও দাবী উত্থাপন কৰে । কেব চালকসকল বহুদিন ধৰি বিভিন্ন সমস্যাত ভূগি আহিছে ৷ তেওঁলোকে বহু সময়ত তেওঁলোকৰ সমস্যা সমাধানৰ দাবী জনাই আহিছে যদিও কোনো সু-পদক্ষেপ চৰকাৰে এতিয়ালৈকে গ্ৰহণ কৰা নাই ৷ 

উক্ত সভাখনত বিশেষকৈ প্ৰতি কিলোমিটাৰ চৰকাৰী নিৰিখ অনুসৰি ভাৰা আদাই দিয়া, নিশা দহ বজাৰ পৰা পিছদিনা পুৱা পাছ বজালৈ পঁচিশ শতাংশ ভাৰা বৃদ্ধি কৰা, প্ৰতিজন চালকৰ বাবে স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰা, চালকৰ সমস্যা সমাধানৰ বাবে মহানগৰীৰ ঠায়ে ঠায়ে কেব সেৱা কাৰ্যালয় স্থাপন কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে কেব চালকসকলে । কেব চালকসকলক প্ৰতিনিধিত্ব কৰা তিনিটা কেব সংগঠনৰ প্ৰতিনিধিসকলৰ লগতে সভাত pay ইণ্ডিয়া, যাদু ৰাইড, এ ন ২, এছ টি চি নামৰ কেবৰ সন্থাৰ মালিকসকলো উপস্থিত থাকে ।

লগতে পঢ়ক : Travel app Janta Travels:গুগল প্লে’ ষ্টোৰত আজিয়েই ডাউনলোড কৰক Janta travels এপটো

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.