ETV Bharat / state

Travel app Janta Travels:গুগল প্লে’ ষ্টোৰত আজিয়েই ডাউনলোড কৰক Janta travels এপটো

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 10:11 PM IST

যোৰহাটৰ পাঁচ গৰাকী শিক্ষিত যুৱক যুৱতীৰ অনবদ্য প্ৰয়াস ৷ প্ৰস্তুত কৰি উলিয়াইছে "ট্ৰেভেল এপ" ৷

Travel app Janta Travels
ডাউনলোড কৰক Janta travels এপটো

যোৰহাটৰ পাঁচ গৰাকী শিক্ষিত যুৱক যুৱতীৰ অনবদ্য প্ৰয়াস

যোৰহাট, ৪ ছেপ্টেম্বৰ : কোনো ধৰণৰ চৰকাৰী চাকৰিৰ পাচত ঢাপলি নেমেলি যোৰহাটৰ কেইগৰাকীমান শিক্ষিত যুৱক-যুৱতীয়ে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়াৰ লগতে আন বহুতকে সংস্থাপন দিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । অলা, উবেৰৰ দৰে বাহিৰৰ কোম্পানীয়ে সমগ্ৰ বিশ্বতে এপৰ জৰিয়তে টেক্সি সেৱা আগবঢ়াই হাজাৰ কোটিৰ ব্যৱসায় কৰি থকাৰ সময়তে যোৰহাটৰ পাঁচ গৰাকী শিক্ষিত নিবনুৱা যুৱক-যুৱতী একেলগ হৈ নিজা প্ৰচেষ্টাত প্ৰস্তুত কৰি উলিয়াইছে এটা ট্ৰেভেল এপ ।

"জনতা ট্ৰেভেলছ" শীৰ্ষক এই এপটোৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজে এক অতি কম মূল্যতে এঠাইৰ পৰা আন এঠাইলৈ ভ্ৰমণ কৰিব পাৰিব । প্ৰাৰম্ভিকতে এই সেৱা যোৰহাটতে আৰম্ভ কৰা হৈছে যদিও পৰৱৰ্তী সময়ত ইয়াক অন্য জিলালৈও সম্প্ৰসাৰণ কৰা হ’ব । সোমবাৰে যোৰহাটৰ প্ৰেছ ক্লাৱত জনতা ট্ৰেভেলছৰ উদ্যোগত আয়োজন কৰা এক সংবাদমেলত এই জনতা ট্ৰেভেলছ এপটোৰ বিষয়ে উল্লেখ কৰে এপটো প্ৰস্তুত কৰি উলিওৱা পাঁচ গৰাকী শিক্ষিত নিবনুৱা যুৱক-যুৱতী ক্ৰমে অভিলাষ বৰবৰা, অবিনাশ দত্ত, চন্দন জ্যোতি বৰা, মিনাক্ষী বৰা আৰু পাৰ্থ প্ৰতিম বৰাই ।

জনতা ট্ৰেভেলছ এপটো সম্পূৰ্ণ ৰূপে ডিজাইন কৰা তথা ইয়াক সজাই পৰাই তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে কম্পিউটাৰ ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ অবিনাশ দত্তই । সোমবাৰৰ সংবাদমেলত জনতা ট্ৰেভেলছ এপটো প্ৰস্তুতৰ ক্ষেত্ৰত জড়িত অভিলাষ বৰাই এপটোৰ সন্দৰ্ভত উল্লেখ কৰি কয় যে, ‘কম দূৰত্ব অতি সহজতে সৰ্বসাধাৰণ ৰাইজে ভ্ৰমণ কৰিবৰ বাবে গুৱাহাটীত অলা, উবেৰ আদি টেক্সি সেৱাৰ সুবিধা সমূহ আছে যদিও অন্যান্য জিলা সমূহত এনে ধৰণৰ সুবিধা সমূহৰ অভাৱ দেখা পোৱা যায় । সেইবাবে আমি পাঁচজনে মিলি প্ৰায় দুটা বছৰৰ প্ৰচেষ্টাৰ অন্তত এই জনতা ট্ৰেভেলছ এপটো প্ৰস্তুত কৰি উলিয়াইছো । প্ৰাৰম্ভিক পৰ্যায়ত ইয়াক যোৰহাট জিলাত আৰম্ভ কৰা হৈছে । এই এপটো গুগল প্লে' ষ্টোৰত উপলব্ধ হ’ব আৰু এই এপটো ডাউনলোড কৰি যিকোনো ব্যক্তিয়ে টেক্সি সেৱাৰ সুবিধা লাভ কৰিব পাৰিব । ইয়াৰ জৰিয়তে যোৰহাটৰ পৰা যিকোনো স্থানলৈ ৰাইজে সহজতে টেক্সি সেৱাৰ সুবিধা লাভ কৰিব পাৰিব ।

পর্যায়ক্ৰমে এই সেৱা অন্যান্য জিলালৈ সম্প্ৰসাৰণ কৰা হ’ব । এই এপটোৰ জৰিয়তে ৰাইজে চাৰি প্ৰকাৰৰ গাড়ীৰ সুবিধা লাভ কৰিব । ইতিমধ্যে এই সেৱাৰ বাবে ৩৪ খনৰো অধিক গাড়ী ব্যৱহাৰ কৰা হৈছে আৰু জানিবলৈ পোৱা মতে প্ৰত্যেকগৰাকী চালকেই গাড়ী চলোৱাৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞতা সম্পন্ন ।

লগতে পঢ়ক : Prize money Panja in Jorhat: ভাল প্ৰশিক্ষক নাথাকিলে উজ্বলি উঠিব নোৱাৰি; অভিজিত বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.