Bokajan fire incident: বোকাজান নগৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড

By

Published : Apr 25, 2023, 1:41 AM IST

thumbnail

ডিফু, ২৪ এপ্ৰিল : বোকাজান মহকুমাৰ শুকানজান বজাৰত আজি দুপৰীয়া এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ প্ৰকৃত সূত্ৰপাতৰ কাৰণ জানিব পৰা নাই যদিও সন্দেহ কৰা মতে বৰোদা বেংকৰ কাষৰ সদা ব্যস্ত পকী খুঁটা আৰু কাঠেৰে নিৰ্মিত দুই মহলীয়া বৃহৎ এটা মাৰ্কেট কমপ্লেক্স থকা এখন দোকানত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ হঠাৎ উদ্ভৱ হোৱা অগ্নিকাণ্ডই নিমিষতে ভয়ংকৰ ৰূপ ধাৰণ কৰি ওচৰৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বিয়পি পৰে (Bokajan fire incident) ।

জুইৰ লেলিহান শিখাই মুহূতৰ্তে সমগ্ৰ ব্যৱসায়িক কমপ্লেক্সটো আগুৰি ধৰাত কমপ্লেক্সটোত থকা ৯-১০খনতকৈ অধিক বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সা-সামগ্ৰীসহ কেইবাটাও গুদাম ঘৰ জুইত জাহ যায় । অগ্নিকাণ্ডৰ ফলত কাপোৰ দোকান, কিতাপ দোকান, ঘড়ীৰ দোকান, কচমেটিক দোকান, ষ্টেচনাৰী দোকান, বাচনৰ দোকান, কম্পিউটাৰ দোকান, জোতা চেণ্ডেলৰ দোকানকে আদি কৰি অন্য বহু কেইখন দোকান জলি ছাই হয় । ইফালে কমপ্লেক্সৰ জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি কমপ্লেক্সটোৰ দাঁতি-কাষৰীয়া অঞ্চললৈ বিয়পি পৰাত কাষত থকা ৫ টাকৈ ভাড়া ঘৰ জ্বলি ভস্মীভূত হয় (massive fire brokeout at sariahjan) ।

ঘটনাৰ পিচতে বোকাজান থানাৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ কেইবা ঘণ্টা যুঁজৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ বোকাজান আৰু ডিমাপুৰৰ পৰা অহা মুঠ চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰে । আজিৰ এই অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক কমপ্লেক্সটোত থকা প্ৰতিষ্ঠানসমূহৰ কেইবা লাখ টকাৰ সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Scam in forest dept: প্ৰাক্তন বনমন্ত্ৰীৰ দিনত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবী আৰ টি আই কৰ্মীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.