ETV Bharat / state

Scam in forest dept: প্ৰাক্তন বনমন্ত্ৰীৰ দিনত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবী আৰ টি আই কৰ্মীৰ

author img

By

Published : Apr 24, 2023, 10:20 PM IST

তদানীন্তন বন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালত বন বিভাগৰ তালাচী চকী আৰু পৰীক্ষণ চকীবোৰত নিযুক্ত কৰ্মচাৰী সকলক একেটা স্থানতে ১৯ বছৰতকৈ অধিক কাল আছিল বুলি অভিযোগ আৰ টি আই কৰ্মীৰ (Corruption at Forest department in Assam) ।

Allegation of scam against Ex Forest Ministe
ৰকীবুল হুছেইনৰ দিনত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ফাদিল

ৰকীবুল হুছেইনৰ দিনত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ফাদিল

তেজপুৰ, ২৪ এপ্ৰিল: কংগ্ৰেছ চৰকাৰৰ দিনত বন বিভাগত সংঘটিত হৈছিল বিয়াগোম দুৰ্নীতি (Corruption in Forest department)। এই বিয়াগোম দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিলে এগৰাকী আৰ টি আই কৰ্মীয়ে ৷ তদানীন্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ দিনত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ফাদিল কৰি চি বি আইৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী জনাইছে আৰ টি আই কৰ্মী দিলীপ নাথে (Allegation of scam against former forest minister) ৷

উল্লেখ্য যে, ২০১৫ চনত আৰ টি আই কৰ্মী দিলীপ নাথে কৰা এক আবেদনক লৈ আদালতত গোচৰ তৰিছিল তদানীন্তন মুখ্য বন সংৰক্ষিকে (Ex Forest Minister Rakibul Hussain ) ৷ ২০২২ ৰ ডিচেম্বৰত আদালতে দিলীপ নাথৰ পক্ষত ৰায় দিয়ে ৷ আৰ টি আই কৰ্মী দিলীপ নাথে এই প্ৰসংগত অভিযোগ উত্থাপন কৰি কয় যে, তদানীন্তন বন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালত বন বিভাগৰ তালাচী চকী আৰু পৰীক্ষণ চকীবোৰত নিযুক্ত কৰ্মচাৰী সকলক একেটা স্থানতে ১৯ বছৰতকৈ অধিক কাল নিযুক্ত কৰি ৰখা হৈছিল ।

তেওঁ ইয়াত ব্যপক ধনৰ লেনদেন হোৱাৰ তথ্য লাভ কৰে । এই বিষয়ে তেওঁ আৰ টি আই কৰি লাভ কৰা তথ্য় বাতৰি কাকতত প্ৰকাশ কৰিছিল । ইয়াতে ক্ষুন্ন হৈ তেওঁৰ বিৰুদ্ধে এক গোচৰ তৰিছিল । তেওঁ কয় যে, অভিযোগ উত্থাপিত কৰিলেও তেতিয়া তদন্ত হোৱা নাছিল (Allegation of scam against Rakibul Hussain)।

আনহাতে, শিল বালি আৰু বনাঞ্চল ধংসত ৰকিবুল হুছেইন আৰু তদানীন্তন মুখ্য বনসংৰক্ষকগৰাকী মূল অভিযুক্ত বুলি দাবী কৰিছে আৰ টি আই কৰ্মী দিলীপ নাথে (Allegation of scam against Ex Forest Ministe)। তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত তদন্তৰ বাবে চি বি আইক দায়িত্ব অৰ্পণ কৰিবলৈ দাবী জনাইছে আৰ টি আই কৰ্মী দিলীপ নাথে ৷

লগতে পঢ়ক: Sex racket busted: নগাঁৱত ৰাইজে উৎখাত কৰিলে দেহ ব্যৱসায়ী চক্ৰ; তিনিগৰাকী যুৱতী আৰক্ষীৰ জিম্মাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.