মহানগৰীৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে ছাঁই হ’ল বহু সম্পত্তি

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 4:53 PM IST

thumbnail

গুৱাহাটী, ১৭ ডিচেম্বৰ : দেওবাৰে মহানগৰীত সংঘটিত হ’ল বিধ্বংসী অগ্নিকাণ্ড ৷ লাল গণেশস্থিত এটা গুডামত সংঘটিত হয় উক্ত অগ্নিকাণ্ডটো ।

লাল গণেশৰ বজৰং ইচপাতৰ গুদামত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো । ফাৰ্নিচাৰ, ইলেক্টিক কেবল্ আদি মজুত ৰখা গুডামটোত দাওদাওকৈ জ্বলি উঠিল জুই ৷ উল্লেখ্য যে বৰ্ষাপাৰা ষ্টেডিয়ামৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত অৱস্থিত গুডামটো ৷  

ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । দেওবাৰে পুৱা সংঘটিত হয় উক্ত অগ্নিকাণ্ডটো । শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।

বিধ্বংসী অগ্নিকাণ্ডটোৰ ফলত গুদামত থকা সামগ্ৰীসমূহ ভস্মীভূত হয় । অৱশ্যে এই পৰ্যন্ত অগ্নিকাণ্ডটোৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ সঠিককৈ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.