Conflict over land at Jania : কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক বিবাদ, আহত তিনিজন

By

Published : Jun 8, 2023, 2:11 PM IST

thumbnail

জনীয়া, 8 জুন : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত অঘটন ৷ এডোখৰ ভূমিক কেন্দ্ৰ কৰি বুধবাৰে নিশা দুটা ফৈদৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিট । দুই ফৈদৰ মাজত হোৱা মাৰপিটৰ ফলত আহত হয় কেবাজনো লোক (Many injured in land dispute at Kalgachia) ৷

বালিকুৰি এন চি গাঁৱৰ আব্দুল হামিদে অভিযোগ কৰা অনুসৰি তেওঁৰ মাটি একে গাঁৱেৰে উছমান গণিৰ পৰিয়ালৰ লোকে বেদখল কৰাৰ চেষ্টা কৰে । পিছে আব্দুল হামিদৰ পুত্ৰ জাহাংগীৰ মিয়া আৰু বুলবুল হুছেইনে বাধা প্ৰদান কৰাত দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে (Conflict over land at Jania) ৷

আনকি জাহাংগীৰ মিয়া আৰু বুলবুল হুছেইনক উছমান গণিৰ পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ চেষ্টা কৰা বুলিও তেওঁলোকে অভিযোগ  উত্থাপন কৰে ৷ জানিব পৰা মতে, এই মাৰপিটৰ ফলত জাহাংগীৰৰ মাতৃক আলতাফে দাৰে ঘপীয়াই গুৰুতৰভাৱে আহত কৰে (Clases between two parties) ৷

বিৱৰণি অনুসৰি, আব্দুল হামিদৰ নামত থকা এডোখৰ মাটি উছমান গণিয়ে দীৰ্ঘদিন ধৰি নিজৰ মাটি বুলি দাবী কৰি আহিছিল । এই লৈ দুইপক্ষৰ মাজত সঘনাই বাকবিতণ্ডাৰ সৃষ্টি হৈছিল ৷ আনকি বুধবাৰে এই বাকবিতণ্ডাই লৈছিল ভয়ংকৰ ৰূপ ৷

উছমান গণিৰ পৰিয়ালৰ প্ৰায় 30-40 জন লোকে হাতে হাতে দা-লাঠি লৈ আব্দুল হামিদৰ ঘৰ ঘেৰাও কৰি প্ৰাণে মাৰাৰ ভাবুকি দিয়ে । অৱশেষত উপায়ন্তৰ হৈ আব্দুল হামিদৰ পৰিয়ালৰ লোকে বালিকুৰি আৰক্ষীক খবৰ দিয়ে ৷ অৱশ্যে পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

ইপিনে এই সন্দৰ্ভত আব্দুল হামিদৰ পৰিয়ালৰ লোকে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷

লগতে পঢ়ক : Land dispute : ভূমিক কেন্দ্ৰ কৰি নলবাৰীত পৰিয়াল কেন্দ্ৰীক বিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.