Land dispute : ভূমিক কেন্দ্ৰ কৰি নলবাৰীত পৰিয়াল কেন্দ্ৰীক বিবাদ

By

Published : May 17, 2023, 12:43 PM IST

thumbnail

নলবাৰী, 17 মে’ : নলবাৰী জিলাৰ মুকালমুৱাৰ কুটনিকুছিত এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ সূত্ৰপাত হয় বিবাদৰ ৷ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুটনিকুছি গাঁওত নৃপেন ডেকাৰ ভূমি দখলৰ চেষ্টা কৰাৰ অভিযোগ তোলা হৈছে বৌয়েক,ভতিজাকৰ বিৰুদ্ধে । নৃপেন ডেকাই সদৰী কৰা অনুসৰি তেওঁৰ নামত থকা 1 বিঘা 4 কঠা 8 লেচা মাটি বিক্ৰী কৰা হৈছে আইনুল হক নামৰ লোক এজনক (Land dispute in Nalbari) । 

কিন্তু নৃপেন ডেকাৰ বৌয়েক বাসন্তী ডেকা আৰু বাসন্তী ডেকাৰ পুত্ৰ খৰ্গেশ্বৰ ডেকাই নৃপেন ডেকাৰ নামত থকা ভূমি দখল কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে নৃপেন ডেকাৰ লগতে তেওঁৰ পত্নীয়ে । উল্লেখযোগ্য যে, উক্ত ভূমিখিনি নৃপেন ডেকাই নিজে ক্ৰয় কৰা ভূমি বুলি উল্লেখ কৰি নথি-পত্ৰসমূহ তেওঁৰ নামতে থকা বুলি ব্যক্ত কৰে । বৰ্তমান উক্ত ভূমিখিনি বাসন্তী ডেকাই নিজৰ বুলি দাবী কৰিছে (Conflict over land in Nalbari) ।

এই সংক্ৰান্তত অধিক জানিবলৈ দি জটিল ৰোগত আক্ৰান্ত নৃপেন ডেকাই চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন হোৱাত এটি পুৰণি গৃহৰ সৈতে মাটিখিনি আইনুল হ'কক বিক্ৰী কৰিছে বুলি উল্লেখ কৰে । সেই মৰ্মে নৃপেন ডেকাই উক্ত ভূমিখিনিৰ কৰ্তৃত্ব আইনুল হ’কৰ নামত দিয়াৰ লগতে ইতিমধ্যে হ’কক মাটিখিনি চমজাই দিছে বুলিও উল্লেখ কৰে । 

কিন্তু নিজৰ বৌয়েক আৰু ভতিজাকে সেই ভূমিখিনি বিভিন্ন ষড়যন্ত্ৰ কৰি দখল কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলিছে নৃপেন ডেকাই । পৰৱৰ্তী সময়ত নৃপেন ডেকাৰ পৰিয়ালে আইনৰ কাষ চাপিব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক :  Junmoni Rabha: ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যু; হত্যা, আত্মহত্যা নে দুৰ্ঘটনা ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.