Sensational incident in Moran: ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে; ৰাজপথতে ঢলি পৰি মৃত্যু এজনৰ

By

Published : Feb 20, 2023, 10:18 AM IST

thumbnail

মৰাণ, ২০ ফ্ৰেব্ৰুৱাৰী: "ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে ?" সচাকৈয়ে কাৰ, ক'ত, কেতিয়া মৰণ আহে সেয়া কোনেও নাজানে । ১ ছেকেণ্ড আগলৈকে সুস্থ হৈ থকা মানুহজন, দৈনন্দিন জীৱনত কৰা কামসমূহ নিয়াৰিকৈ কৰি থকা মানুহজন কোন মূহুৰ্ত্বত ঢলি পৰিব পাৰে সেয়া সকলোৰে অকল্পনীয় । "চৰণেহে জানে মৰণৰ ঠাই" এই বাক্যশাৰীয়েই পুনৰবাৰ যেন সঁ‌চা প্ৰমাণিত হ'ল মৰাণত ।

দেওবাৰে মৰাণৰ ৰাজপথত CCTV কেমেৰাত বন্দী হ'ল এক শিহৰণকাৰী দৃশ্য । দেওবাৰে এগৰাকী ব্য়ক্তিয়ে মৰাণ চহৰৰ মাজেৰে হাতত এটা টোপোলা লৈ সুস্থ অৱস্থাতে খোজ কাঢ়ি আহি আছিল (Man dies after falling on road in Moran)। কিছু দুৰ অহাৰ পাছতেই ৰাজপথতে হঠাৎ ঢলি পৰিল ব্য়ক্তিজনে । ঢলি পৰিয়েই ইহসংসাৰ ত্যাগ কৰিলে ব্য়ক্তিজনে । মৃত ব্য়ক্তিজন মৰাণৰ বিষ্ণুপুৰৰ চিত্তৰঞ্জন মণ্ডল বুলি জানিব পৰা গৈছে । 

চি চি টিভিত বন্দী হোৱা দৃশ্য অনুসৰি লোকজনে হাতত কেৰিবেগ এটাত কিছু সামগ্ৰী লৈ মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পথেৰে খোজকাঢ়ি গৈ থাকোতে ৰাজপথতে হঠাৎ ঢলি পৰে(One person death on Highway at Moran) । ইয়াৰ পাছতে ব্য়ক্তিজনক ততাতৈয়াকৈ মৰাণ ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে ব্য়ক্তিজনক মৃত বুলি ঘোষণা কৰে । কি কাৰণত লোকজনে এনেদৰে অকাল মৃত্যুক আকোঁ‌ৱালি ল'ব লগা হ'ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই । ব্য়ক্তিগৰাকীৰ মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । 

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ । সকলোৱে মৃত ব্য়ক্তিজনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে । 

লগতে পঢ়ক: Maha Shivratri 2023: শিৱৰাত্ৰী উপলক্ষে শিৱদৌলত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক ভিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.