Attempt to suicide : ৰঙিয়াত ৰে’ল বিভাগৰ কাৰ্যালয়ৰ মুধচত উঠি আত্মহত্যাৰ চেষ্টা এজনৰ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 2:58 PM IST

thumbnail

ৰঙিয়া, 29 ছেপ্টেম্বৰ : ৰঙিয়াৰ ৰে'ল বিভাগৰ কাৰ্যালয়ত অঘটন ৷ ৰে'ল বিভাগৰ কাৰ্যালয়ৰ মুধচত উঠি আত্মহত্যাৰ চেষ্টা এজন লোকৰ । লোকজনক আত্মহত্যা নকৰিবলৈ কাকুতি-মিনতি প্ৰত্যক্ষদৰ্শীৰ । যিমানে বাধা দিয়ে সিমানে ওপৰৰ পৰা জপিয়াবলৈ উদ্যত হয় হিন্দীভাষী যুৱকজনে । আত্মহত্যাৰ কৰিবলৈ লোকজনে কাৰ্যালয়টোৰ মুধচত উঠাৰ পাচতেই হাহাকাৰ লাগে অঞ্চলটোত । 

লগে লগে লোকজনক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী আৰু SDRF ৰ দল উপস্থিত হয়  । কিন্তু বহু চেষ্টা কৰিও মুধচৰ পৰা কোনেও নমাব নোৱাৰিলে লোকজনক । অৱশেষত দীৰ্ঘ সময়ৰ অন্তত মুধচৰ পৰা জঁপিয়াই দিয়ে লোকজনে । জাঁপ দিয়াৰ ফলত লোকজনৰ এখন ভৰি ভাগে । 

আৰক্ষীয়ে লগে লগে আহত লোকজনক চিকি‌ৎসালয়ত ভৰ্তি কৰায়। হিন্দীভাষী লোকজনে ক’ৰ পৰা আহি এই ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা নাই ৷

লগতে পঢ়ক: Forest worker death: বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন বনকৰ্মীৰ, তিনিজন গুৰুতৰভাৱে আহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.