ETV Bharat / state

Forest worker death: বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন বনকৰ্মীৰ, তিনিজন গুৰুতৰভাৱে আহত

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 11:26 AM IST

যোৰহাট জিলাৰ তিতাবৰত বন্যহস্তীৰ ত্ৰাস ৷ বন্যহস্তীৰ আক্ৰমণত এজন বনকৰ্মী নিহত হোৱাৰ লগতে, 3 জন বনকৰ্মী আহত হৈছে ৷

Forest worker death
বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন বনকৰ্মীৰ

বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন বনকৰ্মীৰ

যোৰহাট, 29 ছেপ্টেম্বৰ : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ ঘটনা ৷ এইবাৰ যোৰহাট জিলাৰ তিতাবৰত সংঘটিত হৈছে শোকাৱহ ঘটনা ৷ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন বনকৰ্মীয়ে, লগতে তিনিজন গুৰুতৰভাৱে আহত হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মৰিয়নীৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বন্যহস্তীয়ে বৃহস্পতিবাৰৰ নিশা তিতাবৰ বিজয় নগৰত উপদ্ৰৱৰ সৃষ্টি কৰে ৷ বন্যহস্তী দল প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ তচনচ কৰাৰ লগতে বহু মূল্যবান সা-সম্পত্তি লণ্ড-ভণ্ড কৰে ৷ বন্যহস্তী আক্ৰমণ পৰা ৰক্ষা পাবলৈ অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা কটাবলৈ বাধ্য হোৱা লগতে ৰাজপথত জুই জ্বলাই পহৰা দিবলগীয়া দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে।

ইয়াৰ পিচতে অঞ্চলবাসীয়ে স্থানীয় বন বিভাগক এই বিষয়ে অৱগত কৰাত নিশাই বন বিভাগৰ এটা দলে হাতি খেদিবলৈ অঞ্চলটোলৈ আহে ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ বনৰীয়া হাতী খেদিবলৈ গৈ হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী বনকৰ্মীয়ে ।লগতে বন্যহস্তীৰ আক্ৰমণত লগতে তিনিজন বনকৰ্মী গুৰুতৰভাৱে আহত হয় ।

মৃত্যু হোৱা বনকৰ্মীজন অতুল কলিতা(51) বুলি জানিব পৰা গৈছে। আনহাতে আহত তিনি বনকৰ্মী ক্ৰমে ৰাজীৱ বুঢ়াগোহাঁই, পৰাগ জ্যোতি দত্ত আৰু গীৰেন মাহাতু বুলি জানিব পৰা গৈছে। আহত বনকৰ্মী কেইজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ৷

উল্লেখ্য যে, খাদ্য সন্ধানত মৰিয়নীৰ গিবন অভায়ৰণ্যৰ পৰা70 ৰো অধিক বন্যহস্তী জনাঞ্চললৈ ওলাই আহিছে ৷ হাতীৰ জাকটোৱে মৰিয়নীৰ বিভিন্ন প্ৰান্তৰ লগতে কাষৰীয়া তিতাবৰ অঞ্চলটো তাণ্ডৱ চলাই আহিছে । বন্যহস্তীৰ আক্ৰমণত বহু কেইজন লোক ঘূণীয়া হোৱাৰ লগতে বহু লোকে নিজ বাসস্থানকে ধৰি সকলবোৰ বিৰ্সজন দিব লগা হৈছে ৷

লগতে পঢ়ক: Minor Rape Case : নৃশংস : 15 বছৰীয়া কিশোৰীক হত্যা কৰি ধৰ্ষণ; তিনি দুৰ্বৃত্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.