ETV Bharat / state

Minor Rape Case : নৃশংস : 15 বছৰীয়া কিশোৰীক হত্যা কৰি ধৰ্ষণ; তিনি দুৰ্বৃত্তক আটক

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 9:02 PM IST

Minor Girl Raped After Murder in Karimganj
কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা

পোহৰলৈ আহিল কৰিমগঞ্জ চহৰৰ সমীপৱৰ্তী এলেকাত কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ৷ কিশোৰীগৰাকীক প্ৰথমে হত্যা কৰি পাছত ধৰ্ষণ কৰিছিল তিনি দুৰ্বৃত্তই ৷

কিশোৰীক হত্যা কৰি ধৰ্ষণ

কৰিমগঞ্জ, 28 ছেপ্টেম্বৰ : কৰিমগঞ্জত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ এগৰাকী 15 বছৰীয়া কিশোৰীক হত্যা হত্যা কৰি ধৰ্ষণ কৰিলে তিনি দুৰ্বৃত্তই ৷ আৰক্ষীয়ে আটক কৰিলে এই নৃশংস ঘটনাৰে জড়িত তিনি দুৰ্বৃত্তক ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কিশোৰী গৰাকীক প্ৰথমে হত্যা কৰি পাছত ধৰ্ষণ কৰা হৈছিল ৷ হত্যা কৰি মৃত কিশোৰী গৰাকীৰ মৃতদেহক গণ ধর্ষণ কৰিছিল তিনি দুৰ্বৃত্তই ৷ ঘটনাৰ 17 দিন উকলি যোৱাৰ পাছত এই ঘটনাৰ সৈতে জড়িত তিনি অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰাত, এই জঘন্য ঘটনাৰ তথ্য পোহৰলৈ আহে ৷

এটা মোবাইল নম্বৰৰ সূত্ৰ ধৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সাফল্য লাভ কৰে ৷ এই জঘন্য ঘটনা সংঘটিত হৈছিল 9 ছেপ্টেম্বৰৰ নিশা কৰিমগঞ্জ চহৰৰ নিলগত ৷ কিশোৰী গৰাকীৰ পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত সংঘটিত হৈছিল এই ঘটনা ৷ ঘটনাৰ পিছত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত চলোৱা হৈছিল তদন্ত ৷ আৰক্ষীয়ে 17 দিন পাছত এই ঘটনাৰ সৈতে জড়িত তিনি অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ এই তিনি অভিযুক্ত হৈছে ৰাহুল দাস, শুভ্ৰ মালাকাৰ আৰু বিপ্লব পাল ৷

আৰক্ষীৰ তদন্ত অনুসৰি কিশোৰীগৰাকীৰ সৈতে ভুৱা প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল কৰিমগঞ্জৰ ৰে’ল বিভাগৰ কৰ্মচাৰী ৰাহুল দাসে ৷ অভিযুক্তটোৱে কিশোৰীগৰাকীক প্ৰদান কৰিছিল এটা মোবাইল ফোন ৷ ঘটনাৰ দিনা পিতৃ-মাতৃ ঘৰত নথকাৰ কথা কিশোৰীগৰাকীৰ মুখৰ পৰা ৰাহুল দাসে জানিবলৈ সক্ষম হৈছিল ৷ সেই অনুসৰি ৰাহুল দাসে কিশোৰীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ উদ্দেশ্যে হেঁচা প্ৰয়োগ কৰিছিল ৷ সেই প্ৰস্তাব কিশোৰী গৰাকীয়ে মানি নোলোৱাত, নিশাৰ ভাগত ৰাহুল দাসে শুভ্ৰ মালাকাৰ আৰু বিপ্লব পালক লগত লৈ কিশোৰীৰ ঘৰত প্ৰবেশ কৰে ৷

কিশোৰীগৰাকীয়ে চিঞৰাৰ চেষ্টা কৰি প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে যদিও তিনি বন্ধুৱে মিলি প্ৰথমে ডিঙি চেপি হত্যা কৰে আৰু পিছত মৃত কিশোৰীৰ মৃতদেহক ধৰ্ষণ কৰি পলাই যায় ৷ আৰক্ষীৰ তদন্তত কিশোৰীগৰাকীক প্ৰদান কৰা মোবাইল ফোনৰ জৰিয়তে, ঘটনাৰ সমস্ত তথ্য পোহৰলৈ আহে আৰু এই তিনি অভিযুক্তক আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ জেৰাত তিনি যুৱকে এই সকলো স্বীকাৰ কৰে বুলি আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ আনহাতে কৰিমগঞ্জ আৰক্ষীয়ে বৃহস্পতিবাৰে তিনি অভিযুক্তক ঘটনাস্থলীলৈ নি পৰ্যবেক্ষণ কৰে ৷

লগতে পঢ়ক : MP rape case : নিৰ্যাতনৰ বলি কিশোৰী, ঘৰে ঘৰে সহায় বিচাৰিও নাপালে সঁহাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.