Durga Puja 2023: 130 বছৰ গৰকিলে নগাঁও বাঙালী সন্মিলনীৰ পূজাই

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 10:52 PM IST

Updated : Oct 22, 2023, 11:05 PM IST

thumbnail

নগাঁও, 22 অক্টোবৰ: আজি মহা অষ্টমী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে পূজা ৷ মহা অষ্টমীৰ দিনাই পুৱাৰ ভাগৰে পৰা বিভিন্ন পূজা মণ্ডপত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ৷ দেৱী দুৰ্গাৰ আশিস বিচাৰি ভক্তই নিশাৰ ভাগতো পূজা মণ্ডপসমূহত ভিৰ হোৱা দেখা গৈছে ৷ ইফালে ভক্তক আকৰ্ষণৰ বাবে বিভিন্ন আৰ্শীৰে মণ্ডপ সাজিছে লগতে ৰাইজক সজাগ সচেতনৰ বাবেও কিছু ব্যতিক্ৰমী পদক্ষেপেও পূজা কমিটীয়ে গ্ৰহণ কৰা দেখা গৈছে ৷

130 বছৰ গৰকা নগাঁৱৰ বাঙালী সন্মিলনী পূজা সমিতিয়ে এইবাৰ ভক্তসকলক চমক দিবলৈ গ্ৰহণ কৰিছে চমৎকাৰী কাৰিকৰী কৌশল । মুঠ 40 লাখ টকাৰ বাজেটেৰে নিৰ্মাণ কৰিছে আটকধুনীয়া পূজা মণ্ডপ । কলিকতাৰ কাৰিকৰৰ সহায়ত নিৰ্মাণ কৰা পূজা মণ্ডপত মহা অষ্টমীত ভিৰ কৰিছে অগণন ভক্তই । আনহাতে বিভিন্ন প্ৰজাতিৰ চৰাইৰ আৰ্হিৰ মণ্ডপ নিৰ্মাণৰে বাঙালী সন্মিলনী পূজা সমিতিয়ে দেখুৱাইছে প্ৰকৃতিৰ প্ৰেম ।

লগতে পঢ়ক:Durga Puja 2023: নগাঁৱত পূজাৰ মণ্ডপে মণ্ডপে ঘূৰিছে মন্ত্ৰী পীযুষ হাজৰীকা

Last Updated : Oct 22, 2023, 11:05 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.