Durga Puja 2023: নগাঁৱত পূজাৰ মণ্ডপে মণ্ডপে ঘূৰিছে মন্ত্ৰী পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 7:36 PM IST

thumbnail

নগাঁও, 21 অক্টোবৰ : আজি মহা সপ্তমী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁৱতো উখল-মাখল পৰিৱেশ ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত পুৱাৰ পৰা মহ সপ্তমী পূজা অনুষ্ঠিত হৈছে ৷ ইফালে শনিবাৰে নগাঁৱৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত হৈ দেৱী মাৰ আশিস ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

উল্লেখ্য যে, তিনি বছৰ পুৰণি পূজা কমিটিসমূহক 10 হাজাৰকৈ টকা আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে ৷ সেই ঘোষণা মৰ্মে নগাঁৱৰ বিভিন্ন পূজা কমিটিক আৰ্থিক সাহায্য প্ৰদান কৰে মন্ত্ৰী হাজৰীকাই ৷

মন্ত্ৰী হাজৰীকাক সংগ দিয়ে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসে ৷ ‘‘নগাঁওখন মোৰ অতিকৈ আপোন ৷ নগাঁৱলৈ মাতিলে মই নহাকৈ থাকিব নোৱাৰো ।’’ এই মন্তব্য মন্ত্ৰী হাজৰীকাৰ ৷

লগতে পঢ়ক:Kaliabor road accident: শোকাৱহ ! পথ দুৰ্ঘটনাত থিতাতে নিহত বৰ্ষীয়ান মহিলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.