Kaliabor road accident: শোকাৱহ ! পথ দুৰ্ঘটনাত থিতাতে নিহত বৰ্ষীয়ান মহিলা

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 4:57 PM IST

thumbnail

কলিয়াবৰ, 20 অক্টোবৰ : দুৰ্গা পূজাৰ আনন্দৰ এটা দুঃখবৰ ৷ কলিয়াবৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা ৷ কোনে কেনেদৰে দুৰ্ঘটনাটো সংঘটিত কৰিলে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

কলিয়াবৰৰ ৰাজপথত ভয়ানকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা । বিগত তিনিটা দিনত দ্বিতীয়টো পথ দুৰ্ঘটনাত দুগৰাকীকৈ ব্যক্তি মৃত্যুমুখত পৰে । শুকুৰবাৰে ষষ্ঠীৰ দিনা দিনৰ ভাগতে কলিয়াবৰৰ চুপহা সত্ৰ-উদাসীনৰ ৩৭ নম্বৰ ঘাইপথত সংঘটিত হয় এটা দুৰ্ঘটনা । অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এগৰাকী সত্তৰ বছৰীয়া মহিলা । নিহত মহিলাগৰাকীক উদাসীনৰ তুলুমাই বৰা বুলি চিনাক্ত কৰা হৈছে ।

ইতিমধ্যে দুৰ্ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে । কোন দিশৰ পৰা আহি কি গাড়ীয়ে দুৰ্ঘটনাটো সংঘটিত কৰিলে সেইয়া বৰ্তমান আৰক্ষীয়ে তদন্ত কৰি আছে । উৎসৱমুখৰ পৰিৱেশৰ মাজতে মহিলাগৰাকীৰ  মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত ।

লগতে পঢ়ক : Road accident at Kalgachia : কলগাছিয়াৰ শওপুৰত দুৰ্ঘটনা পতিত হ’ল চাৰিচকীয়া বাহন, আহত দুই মহিলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.