তিনিচুকীয়াত পৰম্পৰাগতভাৱে মেজি জ্বলাই ভোগালী বিহু উদযাপন

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 11:12 AM IST

thumbnail

তিনিচুকীয়া, ১৫ জানুৱাৰী: ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে ভোগালী বিহু ৷ পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয় । ইয়াৰ ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলাও । তিনিচুকীয়াৰ ভিমপৰা লোহাৰী কছাৰী গাঁৱত স্থানীয় ৰাইজে উৰুকা নিশা লগে ভাগে এসাঁজ খোৱাৰ লগতে পৰম্পৰাগতভাৱে মিলিজুলি সাজি উলিওৱা মেজিত সেৱা কৰি ভকতবৃন্দই পুৱাই প্ৰজ্বলন কৰে মেজি । এই মেজিৰ জুইত যাতে অপায়-অমংগল নাশ হয় তাকে প্ৰাৰ্থনা কৰি তামোলপাণ আগবঢ়াই মেজিৰ জুইত সেৱা লয় স্থানীয় ৰাইজে ৷ বিশ্বাস কৰা হয় যে ছাই আৰু আধা পোৰা বাঁহে পথাৰ আৰু বাগিচাৰ উৰ্বৰতা বৃদ্ধি কৰে । ইয়াৰ সমান্তৰালকৈ স্থানীয় ৰাইজে ভোগালীৰ পিঠা জলপান খোৱাৰ লগতে বিহু নাচিবাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়  ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.