বিৰোধী ঐক্য শক্তিশালী হ'লেহে লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাটো সম্ভৱ : লুৰীণজ্যোতি গগৈ

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 3:38 PM IST

thumbnail

ডিব্ৰুগড়, 5 ডিচেম্বৰ : শেহতীয়াকৈ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাচতে কেন্দ্ৰত গঠিত I.N.D.I.A এলায়েঞ্চ আৰু অসমত গঠন হোৱা বিৰোধী ঐক্য মঞ্চত ভাঙোন আহিব বুলি ৰাজনৈতিক মহলত ব্যাপকভাৱে চৰ্চা চলিছে । কিয়নো বিজেপিৰ বিৰুদ্ধে গঠিত I.N.D.I.A ৰ নেতৃত্বত থকা কংগ্ৰেছে পাঁচ ৰাজ্যৰ ভিতৰত চাৰিখনতহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় । বিৰোধী ঐক্যত ভাঙোন আহিব বুলি চৰ্চা চলাৰ মাজতেই বিৰোধী ঐক্যক লৈ আত্মবিশ্বাসী অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ।

অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, ‘‘বিৰোধী ঐক্য শক্তিশালী হ’লেহে লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাটো সম্ভৱ । I.N.D.I.A এলায়েঞ্চ শক্তিশালী হোৱা হ’লে মিজোৰামক বাদ দি শেহতীয়াকৈ ঘোষিত সকলো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাভূত হ’লহেঁতেন । সমাগত লোকসভা নিবাৰ্চনত অসমৰ প্ৰেক্ষাপটত বিৰোধী ঐক্য মঞ্চত অন্তৰ্ভূক্ত 15 টাকৈ ৰাজনৈতিক দলে একত্ৰিত হৈ শক্তিশালীভাৱে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিটো সমষ্টিত এজন বিৰোধী ঐক্যৰ প্ৰাৰ্থী দিলে বিজেপি পৰাজয় হোৱাটো নিশ্চিত’’ ।

লগতে পঢ়ক : বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীৰ পাচত বিজেপিৰ সংকল্প যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.