ETV Bharat / state

বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীৰ পাচত বিজেপিৰ সংকল্প যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 1:02 PM IST

কংগ্ৰেছৰ বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীৰ পাচত এইবাৰ বিজেপিৰ সংকল্প যাত্ৰা ৷ ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিত লাহোৱালৰ থানাই চাহ বাগিচাত অনুষ্ঠিত হ'ল বিজেপিৰ উন্নয়ন সংকল্প যাত্ৰা সভা ৷ 3 কিলোমিটাৰ চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে পদযাত্ৰা কৰি সমস্যা বুজ ল'লে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (Sankalpa Yatra program)৷

Sankalpa Yatra program held at tea estate of Lahowal
বিজেপিৰ সংকল্প যাত্ৰা

বিজেপিৰ সংকল্প যাত্ৰা

ডিব্ৰুগড়, 5 ডিচেম্বৰ : চাহ বাগিচাৰ ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰে ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছে অনুষ্ঠিত কৰিছিল বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচী । এই কাৰ্যসূচীক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছিল বিজেপিৰ নেতা-মন্ত্ৰীসকলে । কিন্তু কংগ্ৰেছৰ বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীৰ পিচত ৰাজ্যিক বিজেপিয়ে চাহ বাগিচাই বাগিচাই আৰম্ভ কৰিছে উন্নয়ন সংকল্প যাত্ৰা ।

ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিত লাহোৱালৰ থানাই চাহ বাগিচাত সোমবাৰে নিশা পৰ্যন্ত অনুষ্ঠিত হ'ল বিজেপিৰ উন্নয়ন সংকল্প যাত্ৰা সভা । চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে 3 কিলোমিটাৰ পদ পথ যাত্ৰাৰে ভাৰতীয় জনতা পাৰ্টীৰ চাহ জনগোষ্ঠী মৰ্চাৰ উদ্যোগত লাহোৱালৰ থানাই চাহ বাগিচাত অনুষ্ঠিত উন্নয়ন সংকল্প যাত্ৰাৰ সভাত অংশগ্ৰহণ কৰে ভৱেশ কলিতাই ।

ৰাজ্যিক সভাপতিজনৰ লগতে সভাখনত চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়ক, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, ডিব্ৰুগড় জিলাৰ চাহ মৰ্চাৰ সভাপতি খগেন ৰাজোৱাৰ, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপকে প্ৰমুখ্যে কৰি বহুকেইজন বিজেপি নেতা উপস্থিত থাকে ।

সভাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভাষণ প্ৰদান কৰি কয়, ‘‘পূৰ্বতে কংগ্ৰেছ দলে বাগিচাই বাগিচাই সূতা কম্বলৰ ৰাজনীতি কৰি চাহ জনগোষ্ঠী লোকসকলৰ উন্নয়নৰ কথা চিন্তাই নকৰিলে ৷ বাগিচা অঞ্চলত ৰাস্তা-পদূলিৰ অৱস্থা জৰাজীৰ্ণ আছিল ৷ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ আছিল ৷ কিন্তু এতিয়া বিজেপি দল শাসনত আহিবৰে পৰা বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ সুবিধা পাইছে’’ ৷

লগতে তেওঁ আৰু কয়, ‘‘বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী বিজেপি চৰকাৰৰ দিনত চিকিৎসক, অভিযন্তাৰ ওপৰিও এছ পি, ডি চি হৈছে ৷ উজ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছ প্ৰদান কৰা হৈছে ৷ চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰা হৈছে ৷ এতিয়া বাগিচা অঞ্চলৰ ঘৰে ঘৰে আমাৰ বিজেপিৰ কৰ্মকতা সকলে জৰীপ চলাই হিতাধিকাৰীসকলে ৰেচন কাৰ্ড পাইছে নে নাই, যদি পোৱা নাই তেনে হিতাধিকাৰীসকলক ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰা হৈছে’’ ।

মুঠৰ ওপৰত সমাগত লোকসভা নিৰ্বাচনৰ পৰ্বে বাগিচাই বাগিচাই উন্নয়ন সংকল্প যাত্ৰা কৰি বাগিচাৰ ৰাইজৰ মাজত বিজেপিৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে শাসক দল বিজেপিয়ে ।

লগতে পঢ়ক : কলগাছিয়াৰ বৰদাঙাত অগ্নিকাণ্ডত, ভস্মীভূত এটা পৰিয়ালৰ দুটাকৈ গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.