ETV Bharat / state

কলগাছিয়াৰ বৰদাঙাত অগ্নিকাণ্ডত, ভস্মীভূত এটা পৰিয়ালৰ দুটাকৈ গৃহ

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 11:12 AM IST

Fire in Barpeta Kalgachia
পুৰি ছাঁই হ’ল অজুত আশা

কলগাছিয়াৰ বৰদাঙা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় এটা পৰিয়ালৰ দুটাকৈ বাসগৃহ । এই জুইত জীৱন্তে জ্বলি যায় কেবাটাও হাঁহ, কুকুৰাৰ লগতে ছাগলী (Fire in Barpeta Kalgachia) ।

পুৰি ছাঁই হ’ল অজুত আশা

জনীয়া, 5 ডিচেম্বৰ : হঠাৎ শেষ হৈ গ’ল এটা সপোন ৷ পুৰি ছাঁই হ’ল অযুত আশা ৷ এতিয়া কৰিব কি ? যাব ক’লৈ বা কোনে শুনিব হাকিমুদ্দিনৰ কথা ৷ নিৰুপায় হাকিমুদ্দিন ৷ কিয়নো এঢোপ এঢোপকৈ সজা আপোন ঘৰখন হঠাৎ ছাৰখাৰ হৈ গ’ল ৷ এতিয়া হাকিমুদ্দিনৰ লগত আছে মাত্ৰ ছাঁই আৰু এঙাৰৰ টুকুৰা ৷

আমি উল্লেখ কৰা হাকিমুদ্দিন হৈছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদাঙা গাঁৱৰ নিবাসী এজন সাধাৰণ লোক ৷ দিন হাজিৰা কৰি কোনোমতে পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰি আছিল হাকিমুদ্দিনে ৷ প্ৰতিদিনে দিনবোৰ এনেকৈ পাৰ কৰি আছিল তেওঁ ৷ কিন্তু হঠাৎ যেন সৰগ ভাগি পৰিল হাকিমুদ্দিনৰ মূৰত ৷ সকলো যেন শেষ হৈ গ’ল ৷ কিয়নো সোমবাৰে নিশা হাকিমুদ্দিনৰ বাসগৃত হঠাৎ সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, হাকিমুদ্দিনৰ ঘৰৰ ৰান্ধনি ঘৰৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ তাৰ পাচত জুই লেলিহান শিখাই নিমিষতে হাকিমুদ্দিনৰ দুটাকৈ ঘৰত ছানি ধৰে ৷ এই অগ্নিকাণ্ডৰ ফলত হাকিমুদ্দিনৰ দুটাকৈ ঘৰৰ লগতে বহু সম্পত্তি ভস্মীভূত হয় ৷ ইয়াৰ উপৰিও অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হয় কেবাটাও হাঁহ, কুকুৰাৰ লগতে ছাগলী । কিন্তু কেনেকৈ এই জুই লাগিল সেই সন্দৰ্ভতহে বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

ইফালে এই অগ্নিকাণ্ডৰ পিছ মুহূৰ্ততে খবৰ দিয়া হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোকক ৷ কিন্তু ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হোৱাৰ পূৰ্বেই বহু চেষ্টাৰ অন্তত ৰাইজে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত প্ৰায় লক্ষাধিক টকাৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷

দিন হাজিৰা কৰি খোৱা হাকিমুদ্দিনে নিজৰ দুটাকৈ গৃহ চকুৰ আগত জুইত জাহ যোৱাৰ ফলত শোকত ভাঙি পৰিছে । সেয়ে চৰকাৰ তথা জনপ্ৰতিনিধিক সহায় কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে ।

লগতে পঢ়ক : খাদ্যশস্যৰ গুদামত কুঁহিয়াৰৰ বস্তাৰ তলত আবদ্ধ ১০ জনৰো অধিক শ্ৰমিক, ৩ জনক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.