ETV Bharat / bharat

খাদ্যশস্যৰ গুদামত কুঁহিয়াৰৰ বস্তাৰ তলত আবদ্ধ হৈ মৃত্যু 7 শ্ৰমিকৰ, স্বত্বাধিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By ANI

Published : Dec 5, 2023, 7:04 AM IST

Updated : Dec 5, 2023, 1:45 PM IST

বিজয়াপুৰৰ খাদ্য শস্যৰ গুদামত আৱদ্ধ হৈ মৃত্যু শ্ৰমিকৰ ৷ উদ্ধাৰ অভিযান সম্পন্ন ৷ গুদামটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব বুলি জনায় জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ।

several workers rescued more still feared trapped after storage unit collapses at karnataka Vijayapura warehouse
খাদ্য শস্যৰ গুদামত আৱদ্ধ শ্ৰমিক

বিজয়াপুৰৰ খাদ্য শস্যৰ গুদাম

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: পুনৰ গুদামত আৱদ্ধ হৈ মৃত্যু হ’ল শ্ৰমিকৰ ৷ কৰ্ণাটক জিলাৰ বিজয়াপুৰত সংঘটিত হৈছে এই ঘটনা ৷ সোমবাৰে বিজয়াপুৰৰ এটা বৃহৎ খাদ্য শস্যৰ গুদামত 10 জনতকৈ অধিক শ্ৰমিক আৱদ্ধ হৈ পৰা এক ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিচতে শোকাৱহ দুৰ্ঘটনাটোত 7 জনতকৈ অধিক শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, ৰাজাগুৰু ইণ্ডাষ্ট্ৰীজ গুদামত সংঘটিত হৈছে এই ঘটনা । খাদ্য প্ৰস্তুত কৰি থকা বিভাগত কাম কৰি থকা অৱস্থাতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ কুঁহিয়াৰৰ বেগ ভাঙি পৰি এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

গুদামটোৰ ভিতৰত 10 জনতকৈ অধিক শ্ৰমিক আৱদ্ধ হৈ আছিল বুলি জানিব পৰা গৈছে । উদ্ধাৰ অভিযান প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে আৱদ্ধ হৈ থকাকেইজন বিহাৰৰ শ্ৰমিক । উদ্ধাৰ কাৰ্যত ব্যৱহৃত কৰা হৈছিল চাৰিখনকৈ জেচিবি আৰু জেচিবি কেইখনে ধাৰাবাহিকভাৱে অভিযান চলাইছিল ।

বিজয়পুৰাৰ উপ আয়ুক্ত টি ভূবালানে সংবাদ মাধ্যমক এই সন্দৰ্ভত পূৰ্বে কৈছিল, "গুদামত আৱদ্ধ হৈ আছে একাংশ শ্ৰমিক । এতিয়াও প্ৰায় 10-12 জন শ্ৰমিক আৱদ্ধ হৈ থাকিব পাৰে, আনহাতে ইতিমধ্যে তিনিজনক উদ্ধাৰ কৰা হৈছে । ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে শ্ৰমিককেইজন ।"

জানিব পৰা মতে, কেবা বছৰো ধৰি উক্ত উদ্যোগটোতেই কৰ্মৰত হৈ আছিল শ্ৰমিককেইজন । আনদিনাৰ দৰে সোমবাৰেও কৰ্মচাৰীকেইজনে গুদামটোত নিজৰ কামত ব্যস্ত হৈ আছিল । হঠাৎ কুঁহিয়াৰৰ মোনাবোৰ ভাঙি পৰাত সেই মোনাৰ তলত আৱদ্ধ হৈ পৰিল শ্ৰমিককেইজন ।

দুৰ্ঘটনাটো সন্দৰ্ভত অৱগত হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক ঋষিকেশ সোণানৱনকে ধৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ৷ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰক্ষীৰ দলটোৱে । জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৰাজাগুৰু গুদামৰ মালিক আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব বুলি জনায় ।

স্বত্বাধিকাৰীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালবোৰলৈ 5 লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

লগতে পঢ়ক: ছিল্কয়াৰা সুৰংগৰ পৰা উদ্ধাৰ কৰা 41 জন শ্ৰমিকক ভৰ্তি হৃষীকেশৰ এইমছত

Last Updated : Dec 5, 2023, 1:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.