KMSS Protest in Guwahati: হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ‘দালালৰ চৰকাৰ’ আখ্যা কৃষক মুক্তিৰ

By

Published : Jul 1, 2023, 7:50 PM IST

thumbnail

গুৱাহাটী,1 জুলাই: ইতিহাস প্ৰসিদ্ধ দীঘলীপুখুৰীক গুজৰাটী প্ৰতিষ্ঠানক গতোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । শনিবাৰে দীঘলীপুখুৰীৰ পাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে । 

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদুৎ শ‌ইকীয়াই কয় ‘‘চৰকাৰৰ হাতত যদি ধনেই নাই তেতিয়া হ’লে কিয় হিতাধিকাৰী সৃষ্টি কৰিছে ! ৰাজহুৱা স্থানবোৰ বণিয়াক গতাই দি অসমীয়াৰ বুকুত গোৰ মাৰিছে ৷ চিৰিয়াখানা গ’ল, কাগজ কল গ’ল, বিমান বন্দৰ গ’ল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ চৰকাৰ দালালৰ চৰকাৰ !’’ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, জয়ন্ত মল্ল বৰুৱা হায় হায় ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । আনহাতে অসমৰ মুখ্যমন্ত্ৰী এগৰাকী ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে বিদুৎ শ‌ইকীয়াই । আজিৰ ধৰ্ণা কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাৰী বাহিনীয়েও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Dighalipukhuri: গুজৰাটী বণিয়াক দীঘলীপুখুৰী গতোৱাৰ বিৰুদ্ধে সৰৱ AICCTU-তৃণমূল কংগ্ৰেছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.