ETV Bharat / state

Dighalipukhuri: গুজৰাটী বণিয়াক দীঘলীপুখুৰী গতোৱাৰ বিৰুদ্ধে সৰৱ AICCTU-তৃণমূল কংগ্ৰেছ

author img

By

Published : Jul 1, 2023, 4:10 PM IST

অহা ১৫ বছৰৰ বাবে গুৱাহাটীৰ দীঘলীপুখুৰী পৰিচালনাৰ দায়িত্ব লাভ কৰিছে গুজৰাটৰ এটা প্ৰতিষ্ঠানে ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ চৰকাৰক সমালোচনা AICCTU আৰু অসম তৃণমূল কংগ্ৰেছৰ ৷

Dighalipukhuri
Dighalipukhuri

গুজৰাটী বণিয়াক দীঘলীপুখুৰী গতোৱাৰ বিৰুদ্ধে সৰৱ চিটো-তৃণমূল কংগ্ৰেছ

গুৱাহাটী, ১ জুলাই: এপদ এপদকৈ ৰাজ্যৰ সকলো সম্পদ বহিৰাগত প্ৰতিষ্ঠানক গতাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এইখন চৰকাৰে ৷ এইবাৰ গুৱাহাটীৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীক গুজৰাটৰ ব্যৱসায়ীৰ হাতত গতালে চৰকাৰে ৷ ৰজা ভগদত্তই খন্দোৱা ঐতিহাসিক দীঘলীপুখুৰী গুজৰাটী ব্যৱসায়ীক গতাই দিয়াক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

ইতিহাস বিজড়িত গুৱাহাটীৰ মাজমজিয়াৰ দীঘলীপুখুৰীটো ১৫ বছৰৰ বাবে গুজৰাটৰ আহমেদাবাদৰ ‘ই চি এইচ টি কাংলোমেৰাট প্ৰাইভেট লিমিটেড’ নামৰ প্ৰতিষ্ঠানটো গতাই দিছে অসম পৰ্যটন উন্নয় নিগমে ৷ দীঘলীপুখুৰীৰ পাৰত থকা উদ্যান, ৰেস্তোঁৰা আদি সকলো চোৱা-চিতাৰ দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰতিষ্ঠানটোক ৷

ইতিমধ্যে ৩০ লাখ ১২ হাজাৰ টকাৰ আমানতৰ ধন হিচাপে প্ৰতিষ্ঠানটোৱে পৰ্যটন উন্নয়ন নিগমক জমা দিছে । পৰ্যটন বিভাগে অতি গোপনে কেৱল দুটা প্ৰতিষ্ঠানৰ মাজত ২০২২ চনৰ ২৩ মে'ত নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰিছিল ৷ RTIৰ তথ্যত প্ৰকাশ পাইছে এই সকলো তথ্য ৷ ২ জুনৰ পৰা দীঘলীপুখুৰী চোৱা চিতাৰ দায়িত্ব লৈছে বহিৰাগত প্ৰতিষ্ঠানটোৱে ৷

ইয়াৰ লগে লগে ২ জুন অৰ্থাৎ দেওবাৰৰ পৰা বৃদ্ধি পাব টিকটৰ দাম ৷ পূৰ্বতে ৮ বছৰ বয়সৰ তলৰ শিশুৰ বাবে ৫ টকা আৰু ৮ বছৰ ওপৰৰ বাবে ১০ টকাকৈ টিকটৰ দৰ আছিল ৷ কিন্তু বৰ্তমান ৩ বছৰ বয়সলৈ টিকট বিনামূলীয়া কৰাৰ লগতে ৩ বছৰ ওপৰৰ বাবে ২০ টকাকৈ টিকটৰ দাম নিৰ্ধাৰণ কৰা হৈছে ।

এই সম্পৰ্কে এ আই চি চি টি ইউৰ (AICCTU) অসম ৰাজ্যিক কমিটিৰ সভাপতি মুনীন মহন্তই কয়, ‘‘বিজেপি চৰকাৰে অসমীয়াৰ স্বাভিমান দীঘলীপুখুৰী গুজৰাটী বণিয়াৰ হাতত বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰিছে । এই চৰকাৰখনৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সকলো বিৰোধী দল সংগঠনে ৰাজপথলৈ ওলাই আহিব লাগে ৷ তেওঁলোকে কেবিনেট সভা পাতি কি খাব সেই কথা ৰাজহুৱা কৰে । কিন্তু এনেবোৰ গুৰুত্বপূৰ্ণ কথা গোপনে ৰাখে ।’’

তেওঁ লগতে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ উঠাই নি সেই ঠাইত পঞ্চ তাৰকা হোটেল নিৰ্মাণ কৰিব বিচাৰিছে ৷ সেইদৰে মান্দাকাটাত ঔষধি গছৰ পুলি থকা ১২০ বিঘা ভূমি বাবা ৰাম দেৱক গতাই দিব বিচাৰিছে ৷ এই চৰকাৰৰ দিনত ৰাজহুৱা খণ্ডৰ কথা বাদেই ব্যক্তিগত খণ্ডতো উদ্যোগীকৰণ হোৱা নাই ।

এইদৰেই তেওঁ অভিযোগ উত্থাপন কৰি এইখন চৰকাৰক উৎখাতৰ বাবে সকলোকে আহ্বান জনায় ৷ চৰকাৰৰ এনে কাণ্ডক অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মায়ো তীব্ৰ সমালোচনা কৰে ৷

লগতে পঢ়ক: Dighalipukhuri: 15 বছৰলৈ গুজৰাটৰ প্ৰতিষ্ঠানক গতালে দীঘলীপুখুৰী; সৰৱ আম আদমী পাৰ্টী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.