ETV Bharat / state

Dighalipukhuri: 15 বছৰলৈ গুজৰাটৰ প্ৰতিষ্ঠানক গতালে দীঘলীপুখুৰী; সৰৱ আম আদমী পাৰ্টী

author img

By

Published : Jun 30, 2023, 7:50 PM IST

সংবাদমেলত সৰৱ আম আদমী পাৰ্টী । তথাকথিত উন্নয়নৰ নামত চৰকাৰখনে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক অসমলৈ ৰঙা দলিচাৰে আদৰণি জনাইছে । 'ই চি এইচ টি কংলোমেৰাত প্রাইভেট লিমিটড' নামৰ গুজৰাটৰ আহমেদাবাদৰ প্ৰতিষ্ঠানটোক দীঘলীপুখুৰীৰ লগতে পাৰ্ক, ৰেস্তোঁৰা, নৌকা আদি সকলো ১৫ বছৰৰ বাবে আবণ্টন দিছে পর্যটন বিভাগে ।

Dighalipukhuri
Dighalipukhuri

15 বছৰলৈ গুজৰাটৰ প্ৰতিষ্ঠানক গতালে দীঘলীপুখুৰী

গুৱাহাটী, ৩০ জুন: জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বিজেপি চৰকাৰে এপদ এপদ কৈ অসমৰ সম্পদ বহিঃৰাজ্যৰ পুঁজিপতি, গুজৰাটৰ ব্যৱসায়ীক প্ৰতিষ্ঠানক গতাই দিয়াৰ অভিযানত নামি পৰিছে । তথাকথিত উন্নয়নৰ নামত চৰকাৰখনে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক অসমলৈ ৰঙা দলিচাৰে আদৰণি জনাইছে । এই অভিযোগ আম আদমী পাৰ্টী চমুকৈ আপৰ ।

শুকুৰবাৰে আপৰ অসম ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলটোৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ কয় যে সকলো সা-সুবিধা থকাৰ পিচতো চৰকাৰী বিভাগসমূহো এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হৈছে । ইতিমধ্যে চৰকাৰী সদিচ্চাৰ অভাৱত ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান এফালৰ পৰা ব্যক্তিগতকৰণ হ'ব ধৰিছে ।

চৰকাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ ২০০খনকৈ ইলেকট্রিক বাছ, পশু চিকিৎসা বিভাগৰ ভ্ৰাম্যমাণ চিকিৎসা গোটক ব্যক্তিগত প্ৰতিষ্ঠানক গতাবলৈ প্ৰস্তুতি চলাইছে । শেহতীয়াকৈ বিকাশ আৰু উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰখনে গুৱাহাটীৰ মাজমজিয়াত থকা সৌন্দৰ্যৰ আকৰ গুৱাহাটীৰ গৌৰৱ দীঘলীপুখুৰীটোও গটাইছে গুজৰাটী ব্যৱসায়ী প্ৰতিষ্ঠানক ৷

‘ই চি এইচ টি কংলোমেৰাত প্ৰইভেট লিমিটড’ নামৰ গুজৰাটৰ আহমেদাবাদৰ প্ৰতিষ্ঠানটোক দীঘলীপুখুৰীৰ লগতে পাৰ্ক, ৰেস্তোৰাঁ, নৌকা আদি সকলো ১৫ বছৰৰ বাবে আৱণ্টন দিছে পর্যটন বিভাগে । তেওঁ লগতে কয় যে এই দীঘলীপুখুৰীৰ পাৰ্ক, ৰেস্তোঁৰা আগতে এজন অসমীয়া লোকে চলাইছিল । নাওঁ কেইখন চলাইছিল বিভাগে নিজে ।

কিন্তু হঠাৎ চৰকাৰে এনেদৰে গুজৰাটৰ ব্যৱসায়ীক গতাই দিয়া কাৰ্যই হোটেল, ৰেস্তোঁৰাৰ ব্যৱসায় কৰা সফল অসমীয়া ব্যৱসায়ী সকল আচৰিত হৈছে । তেওঁ লগতে কয় যে অসমত এতিয়া হোটেল ব্যৱসায় তথা পর্যটনৰ ক্ষেত্ৰখনত বহু স্থানীয় সফল উদ্যোগীয়ে আত্মপ্ৰকাশ কৰিছে । কিন্তু চৰকাৰৰ নজৰত দীঘলীপুখুৰীৰ পর্যটন ক্ষেত্ৰখন চলাব পৰা কোনো অসমীয়া উদ্যোগী নোলাল । সেয়ে গুজৰাটৰ ব্যৱসায়িক দীঘলীপুখুৰী গতালে নেকি বুলি তেওঁ প্ৰশ্ন কৰে ।

পর্যটন বিভাগে এই নিবিদা প্ৰক্ৰিয়া স্বচ্ছতাৰে সম্পন্ন কৰা নাছিল বুলি অভিযোগ কৰি তেওঁ কয় যে এই নিবিদাৰ কথা বহুলভাৱে প্ৰচাৰ নকৰিলে । যিখন চৰকাৰে নিবনুৱাক ব্যৱসায় কৰিবলৈ দুই লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে সেইখন চৰকাৰে দীঘলীপুৰীক কেন্দ্ৰ কৰি গঢ় কৈ উঠা ব্যৱসায়সমূহ অসমীয়া যুৱকক দিব লাগিছিল বুলি তেওঁ কয় ।

সাধাৰণ দীঘলীপুখুৰীটোও গুজৰাটৰ ব্যৱসায়ী প্ৰতিষ্ঠানক গতোৱা চৰকাৰখনে সংগোপনে আৰু কি কি সম্পদ গতাব, তাৰ ওপৰত নজৰ ৰাখিব লাগিব বুলি তেওঁ সদৰী কৰে । হয়তো কাইলৈ শিলসাঁকো অঞ্চলটোও এনে ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিব পাৰে বুলি তেওঁ অভিযোগ কৰে । সংবাদমেলত আপৰ সাংগঠনিক সম্পাদক দীপাংকৰ কলিতা আৰু যুটীয়া সম্পাদক অম্লানজ্যোতি হাতী বৰুৱা উপস্থিত আছিল ।

লগতে পঢ়ক: Minister Bimal Bora: সংগীতজ্ঞ ৰমেন বৰুৱা আৰু সুদক্ষিণা শৰ্মাৰ স্বাস্থ্যৰ বুজ ললে সাংস্কৃতিক মন্ত্রী বিমল বড়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.