Hospital sealed:কৰিমগঞ্জ প্ৰশাসনে ছীল কৰিলে পাথাৰকান্দিৰ ছানৰাইজ হাস্পতাল

By

Published : Aug 8, 2023, 11:01 PM IST

thumbnail

কৰিমগঞ্জ, 8 আগষ্ট : কৰিমগঞ্জ প্ৰশাসনৰ বৃহৎ পদক্ষেপ ৷ প্ৰশাসনে ছীল কৰিলে পাথাৰকান্দিত অৱস্থিত ছানৰাইজ হাস্পতাল ৷ চৰকাৰী নিয়ম উলংঘা কৰাৰ অভিযোগত বন্ধ কৰা হ’ল ছানৰাইজ হাস্পতালখন ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ছানৰাইজ হাস্পতালৰ বহু নথি-পত্ৰত অমিল পোৱা গৈছে ৷

পাথাৰকান্দিৰ চক্ৰ বিষয়াই জিলা দণ্ডাধীশৰ নিৰ্দেশত ছানৰাইজ হাস্পতাল আৰু ফাৰ্মাচী ছীল কৰিছে । প্ৰথম অৱস্থাত জিলা দণ্ডাধীশৰ পৰা জাননী জাৰী কৰা হয় ৷ কিন্তু জবাব দিব নোৱাৰাৰ বাবে অৱশেষত ছানৰাইজ হাস্পতাল প্ৰশাসনৰ ৰোষত পৰিল ৷ ফাৰ্মাচী আৰু চিকিৎসালয়ত তলা লগাই দিলে প্ৰশাসনে ৷ মঙলবাৰে বিয়লিৰ ভাগত পাথাৰকান্দিৰ চক্ৰ বিষয়া অদিতি নুনিয়াই বৃহৎ আৰক্ষী বাহিনীৰে ছানৰাইজ হাস্পতালত লগালে তলা । লগত পাথাৰকান্দিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজীত বসুমতাৰীও উপস্থিত আছিল ৷

লগতে পঢ়ক : Karimganj Murder Case: কৰিমগঞ্জ জিলা সত্ৰ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, তিনিজনক যাৱজ্জীৱন কাৰাদণ্ড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.