Karimganj Murder Case: কৰিমগঞ্জ জিলা সত্ৰ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, তিনিজনক যাৱজ্জীৱন কাৰাদণ্ড

By

Published : Aug 8, 2023, 8:49 AM IST

thumbnail

কৰিমগঞ্জ,8 আগষ্ট: কৰিমগঞ্জ জিলা সত্ৰ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ 2012 চনত সংঘটিত এক হত্যাকাণ্ডৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ ৰায় দিছে কৰিমগঞ্জ জিলা সত্ৰ ন্যায়ালয়ে ৷ প্ৰায় 11 বছৰৰ পাচত ৰায় দিছে কৰিমগঞ্জ আদালতে ৷ আদালতে ৩ জনক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে ৷ ইউ. সুচিয়াং খাছিয়া, বিজয় আমছে আৰু আলাউদ্দিনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । লগতে 3 জন লোকক 10 হাজাৰ টকাৰ আৰ্থিক জৰিমনা আৰু নিৰ্দেশ অমান্য কৰিলে 1 বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় ।

উল্লেখ্য যে, 2012 চনত বদৰপুৰৰ আলেকাৰগুলত দুৰ্বৃত্তই নিৰ্বিচাৰে গুলীচালনা কৰিছিল ৷ ফলত নিহত হৈছিল হুছেইন আহমদ নামৰ ব্যক্তি জন, আহত হৈছিল কেইবাজনো লোক ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আলেকাৰগুলৰ বাসিন্দা আব্দুল মুতলিবে দাখিল কৰা গোচৰৰ দাখিল কৰিছিল ৷ সেই গোচৰৰ ভিত্তিত সোমবাৰে কৰিমগঞ্জ জিলা সত্ৰ আদালতে এই ৰায়দান প্ৰদান কৰে । উক্ত ঘটনাত ৭জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । এই গোচৰৰ প্ৰায় 11 বছৰৰ পাচত কৰিমগঞ্জ জিলা সত্ৰ আদালতৰ ন্যায়াধীশ আৰ এ ৰহমানে এই গোচৰৰ ৰায়দান কৰিছে । 

লগতে পঢ়ক: Dhekiakhowa Bornaamghar: সমাগত ভাদ মাহ; ভক্তক আদৰিবলৈ সাজু ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.