Insects attack paddy cultivation:টীয়কৰ পথাৰত চৰহা পোকৰ আক্ৰমণ; হতাশাত ভুগিছে কৃষক

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 8:18 PM IST

thumbnail

টীয়ক,  11 ছেপ্টেম্বৰ : কৃষকৰ পথাৰত জুই , বিভাগ আছে শুই । নিস্তাৰ নাই কৃষকৰ ৷ টীয়কৰ পথাৰত চৰহা পোকৰ ভয়ানক উপদ্ৰৱে এতিয়া কৃষকৰ সপোন তচনচ কৰি পেলাইছে । শ শ বিঘা মাটিৰ কলা ধান খেতিত সজাল ধৰা সময়তে চৰহা পোকে চলাইছে উপদ্ৰৱ । এয়া টীয়কৰ বনাই পথাৰৰ দৃশ্য, কেৱল এটা স্থানতেই নহয়, টীয়কৰ বিভিন্ন প্ৰান্তত এইদৰে চৰহা পোকে সজাল ধানখেতি বিঘাই বিঘাই খাই নষ্ট কৰিছে ।

উল্লেখ্য যে, কৃষকৰ এনে দুখলগা পৰিস্থিতিৰ সময়তো এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিয়াগোম কৃষি বিভাগে । দুই এক অঞ্চলত ড্ৰোন যোগে অত্যাধুনিক কাৰিকৰী ব্যৱস্থাৰে চৰহাৰ আক্ৰমণ ৰোধ কৰিবলৈ চেষ্টা চলাইছে যদিও বিশেষ ফলপ্ৰসু হোৱা পৰিলক্ষিত হোৱা নাই ।

ইপিনে কৃষকসকলে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই আহিছে যদিও কৃষি বিভাগৰ বিশেষ সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে । সেয়ে এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীক এক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি কৃষকসকলক উপকৃত কৰিবলৈ আহ্বান জনাইছে এইসকল ভুক্তভোগী কৃষকে ।

লগতে পঢ়ক : Teok people busy in constructing road: আজিও হৈ নুঠিল প্ৰয়াত মুক্তিযোদ্ধা গোপীকান্ত বৰুৱা পথ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.