Teok people busy in constructing road: আজিও হৈ নুঠিল প্ৰয়াত মুক্তিযোদ্ধা গোপীকান্ত বৰুৱা পথ

By

Published : Jun 19, 2023, 6:40 PM IST

thumbnail

টীয়ক, 19 জুন : গ্ৰাম্যাঞ্চলসমূহৰ উন্নয়নেহে ৰাজ্য তথা দেশৰ উন্নয়নৰ প্ৰকৃত ছবি দাঙি ধৰে । কেৱল নগৰাঞ্চলত উন্নয়ন কৰি কোনো চৰকাৰে উন্নয়ন হৈছে বুলি কোৱা আৰু আশা কৰাটো দৰাচলতে ভুল । এইয়া টীয়কৰ বনপিঠাগুৰি আৰু আৰন্ধৰা গাৱঁৰ সংযোগী পথৰ দৃশ্য । অতিকৈ গুৰুত্বপূৰ্ণ এই পথটো বিগত সময়ছোৱাত ৰাইজে মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰি দিবলৈ বহুবাৰ বিধায়ককে প্ৰমুখ্য কৰি পঞ্চায়তৰ প্ৰতিনিধিক আবেদন নিবেদন দি আহিছে যদিও আজি পৰ্যন্ত পথটো মেৰামতি নোহোৱাৰ ফলত বৰ্তমান নেৰানেপেৰা বৰষুণৰ ফলত ৰাইজে যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তি ভুগিবলগীয়া হৈছে । বিশেষকৈ মুক্তিযোদ্ধাৰ নামত থকা প্ৰায় আঢ়ৈ কিলোমিটাৰ পথছোৱাৰ এনে দুৰৱস্থাই জনপ্ৰতিনিধিসকলৰ দ্বায়িত্বহীনতাৰেই প্ৰমাণ দাঙি ধৰিছে বুলি ৰাইজে অভিযোগ তুলিছে । সেয়ে নিৰুপায় হৈ ৰাইজে গাঁঠিৰ ধন ভাঙি পুৰুষ মহিলা উভয়ে ওলাই আহি পথ মেৰামতিত ব্যস্ত হৈ পৰিছে ।

আনপিনে একাংশই এই পথৰ বাসিন্দাসকলক কংগ্ৰেছ দলৰ সমৰ্থক বুলি ভাবি বহু কাকুতি মিনতি কৰাৰ পাচতো জনপ্ৰতিনিধিয়ে পথছোৱা মেৰামতি নাই কৰা বুলি অভিযোগ উত্থাপন কৰিছে । ৰজাই জাত পাত লক্ষ্য নকৰি প্ৰজাৰ অভাৱ অভিযোগ দুৰ কৰাৰ লক্ষ্য লব লাগে ৷ সেয়ে এনেবোৰ কুটিল ৰাজনীতি পৰিহাৰ কৰি অনতি পলমে অন্তত: মুক্তিযোদ্ধাগৰাকীৰ প্ৰতি যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰি পথছোৱা শীঘ্ৰেই মেৰামতি কৰি দিবলৈ উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাইছে এইসকল ৰাইজে ।

লগতে পঢ়ক : MRC Issues Read Alert: অসমৰ 5 খন জিলালৈ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.