Hanging Bridge Inauguration: জোনাইত ওলমা দলঙৰ শুভ উদ্বোধন

By

Published : Aug 17, 2023, 7:47 PM IST

Updated : Aug 17, 2023, 9:31 PM IST

thumbnail

জোনাই,১৭ আগষ্ট: দীৰ্ঘদিনীয়া এক সমস্য়াৰ পৰা পৰিত্ৰাণ পালে জোনাই নাহৰ জেলম গাঁৱৰ ৰাইজে । জোনাইৰ ২নং মূৰ্কংচেলেক সমষ্টিৰ অন্তৰ্গত নাহৰ জেলম গাঁৱৰ চিলে নদীৰ ওপৰত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ২০২২-২৩ বৰ্ষৰ উন্নয়ণ পূঁজিৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা বাঁহৰ ওলমা দলঙখন বৃস্পতিবাৰে শুভ উদ্বোধন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কৰ্য্যবাহী সদস্য নৰেশ কুম্বাঙে ৷  

জোনাইৰ নাহৰ জেলম গাঁৱৰ চিলে নদীৰ ওপৰত নিৰ্মিত এখন জৰাজীৰ্ণ বাঁহৰ ওলমা দলঙেৰে বছৰ বছৰ ধৰি বিপদসংকুলভাৱে পাৰাপাৰ কৰি আহিছে কণ কণ ছাত্ৰ-ছাত্ৰীকে আদি কৰি শ শ পৰিয়াল । যাৰ ফলত অঞ্চলটোৰ শ শ পৰিয়ালে এখন দলঙৰ অভাৱত যাতায়তৰ ক্ষেত্ৰত ভুগি আহিছিল যমৰ যাতনা । সেয়ে মিছিং স্বায়ত্বশাসিত পৰিষদৰ উন্নয়ণ পূঁজিৰে বৃহস্পতিবাৰে নিৰ্মাণ কৰি উলিয়ালে চিলে নদীত এখন নতুনকৈ ওলমা দলং । 

লগতে পঢ়ক: Naked man body recovered: শিলচৰ জিলা বিজেপিৰ কাৰ্যালয়ত উলংগ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Last Updated : Aug 17, 2023, 9:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.