বিলাসীপাৰাত চোৰাঙভাৱে সৰবৰাহ কৰা 60 বস্তা চাউল জব্দ

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:16 AM IST

thumbnail

বিলাসীপাৰা, 10 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে বগা চাউলৰ ক’লা বেহা ৷ মঙলবাৰে নিশা ধুবুৰী জিলাৰ বিলাসীপাৰাত চাউলৰ চোৰাং সৰবৰাহকাৰী বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় ৷ বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ৰজত কুমাৰ পালৰ নেতৃত্বত বিলাসীপাৰা থানাৰ অন্তৰ্গত বাবুৰহাট বজাৰত নিশা চলোৱা অভিযানত এখন বাহনসহ 60 বস্তা চোৰাং চাউল জব্দ কৰে ৷ জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS 17 C 2837  ৷

ইফালে পাঁচজনকৈ শ্ৰমিককো আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন শ্ৰমিক কেইজন জহিৰ উদ্দিন, আমিনুল হক, মুজিবুৰ ৰহমান, ছাত্তাৰ আলী আৰু জিয়াৰুল হক বুলি জানিব পৰা গৈছে ৷ ৰাইজৰ অভিযোগ অনুসৰি, সুলভ মূল্যৰ চাউলখিনি নদী পথেৰে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহৰ চেষ্টা চলাইছিল চাউল মাফিয়া ছামছুল হকে ৷ দীৰ্ঘদিনৰ পৰাই ছামছুল হকে চলাই গৈছিল চাউলৰ চোৰাং বেহা ৷ ইফালে আৰক্ষীয়ে অভিযান চলোৱাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চাউল মাফিয়া ছামছুল হকে ৷

লগতে পঢ়ক : দুই ভাতৃক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে ধুবুৰী আদালতে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.