Husband killed wife: পাৰিবাৰিক কন্দলৰ বাবে পত্নীক ডিঙি চেপি হত্যা স্বামীৰ

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 9:19 PM IST

thumbnail

বঢ়মপুৰ, 24 ছেপ্টেম্বৰ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ দেওবাৰে নগাঁও জিলাৰ কামপুৰ মীনা পামৰ মনো পথাৰত সন্ধিয়া স্বামীয়ে নিজ পত্নীক ডিঙি চেপি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ এই ঘটনাৰ পিচতে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নিহত মহিলাগৰাকী নাম মল্লিকা খাতুন বুলি জানিব পৰা গৈছে ।

পাৰিবাৰিক কন্দলৰ ফলতেই স্বামী আশ্ৰাদুল ইছলামে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰে বুলি সন্দেহ কৰা হৈছে ৷ ইফালে পত্নীহন্তা আশ্ৰাদুলে ডেগাৰেৰে ভাই বোৱাৰী মচিদা খাতুনকো আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে  । ততাতৈয়াকৈ মচিদাক সংকটজনক অৱস্থাত কামপুৰ FRU লৈ প্ৰেৰণ কৰা হয়। 

এই ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ইফালে ঘটনা সংঘটিত কৰা আশ্ৰাদুল পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Drugs seized : বঙাইগাঁৱত জব্দ প্ৰায় পাঁচ লাখ টকাৰ ড্ৰাগছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.