Husband killed wife: সুৰাপায়ী স্বামীয়ে বাঁহৰে কোবাই কোবাই হত্যা কৰিলে পত্নীক

By

Published : Apr 17, 2023, 12:16 PM IST

thumbnail

বঢ়মপুৰ, 17 এপ্ৰিল : বিহু আনন্দ উচাহৰ মাজতে দেওবাৰে নিশা নগাঁৱৰ কন্দলীৰ কচুবস্তিত সংঘটিত হয় এক বৰ্বৰ হত্যাকাণ্ড ৷ সুৰাপায়ী স্বামীয়ে বাঁহৰে কোবাই কোবাই হত্যা কৰিলে পত্নীক (Husband killed his wife in Nagaon) ৷ নিহত মহিলাগৰাকীৰ নাম সবিকণ বসুমতাৰী ৷ জানিব পৰা মতে, পাৰিবাৰিক কন্দলৰ ফলতেই এই ঘটনা সংঘটিত হয় ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত প্ৰদীপ বসুমতাৰী ৷

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, প্ৰায়ে সৰু সৰু কথা অভিযুক্ত প্ৰদীপ বসুমতাৰী আৰু সবিকণ বসুমতাৰীৰ মাজত কাজিয়াৰ হয় ৷ এই কাজিয়াৰ মীমাংসা বহুবাৰ গাঁৱৰ ৰাইজে কৰিছে ৷ কিন্তু এই পাৰিবাৰিক সংঘাতে দেওবাৰে লয় এক ভয়ংকৰ ৰূপ ৷ সামান্য কথাতে ঘৰৰ ভিতৰতে অভিযুক্ত প্ৰদীপ বসুমতাৰীয়ে মৰিয়াই মৰিয়াই হত্যা কৰা তেওঁৰ পত্নী সবিকণ বসুমতাৰীক ৷ সংবাদ মাধ্যমৰ আগত নিজে এই কথা স্বীকাৰ কৰিছে অভিযুক্ত প্ৰদীপ বসুমতাৰীয়ে (Nagaon brutally murdered case)৷

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাচতে স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ৷ উক্ত ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে অভিযুক্ত প্ৰদীপ বসুমতাৰীক ৷ তাৰ পাচত আৰক্ষীৰ দলটোৱে সবিকণ বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : Women mysterious death: নিৰ্যাতন চলাই কৰিমগঞ্জত বোৱাৰীক হত্যাৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.