Police arrested in Dalgaon: দুৰ্নীতি নিবাৰক শাখাৰ জালত হাবিলদাৰ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 6:21 PM IST

thumbnail

দলগাঁও,১৪ নৱেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি ঘোষণা কৰাৰ পাছতো যেন গা-লৰা নাই একাংশ চৰকাৰী কৰ্মচাৰী তথা অসম আৰক্ষী জোৱানৰ । পুনৰ খাকী পোছাকত ক'লা দাগ সানিলে অসম আৰক্ষীৰ হাবিলদাৰে । ঘোচ লৈ গ্ৰেপ্তাৰ হ'ল অসম আৰক্ষীৰ জোৱান ।

দৰঙৰ দলগাঁৱত ঘোচ লৈ হাতে-লোতে গ্ৰেপ্তাৰ হ'ল অসম আৰক্ষীৰ হাবিলদাৰ । মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই চলোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় দলগাঁও আৰক্ষী থানাৰ হাবিলদাৰ ছবেদ আলী ৷ দলগাঁৱৰ টাইটান হোটেলত ধনৰ লেন-দেন কৰাৰ সময়তে গ্ৰেপ্তাৰ কৰে হাবিলদাৰগৰাকীক । দলগাঁৱৰ ২ নং শিয়ালমাৰীৰ মালেক ওস্তৰৰ পৰা ঘোচ লোৱাৰ সময়তেই হাতেলোটে গ্ৰেপ্তাৰ কৰা হয় হাবিলদাৰগৰাকীক । বৰ্তমান দলগাঁও থানাত হাবিলদাৰ ছবেদ আলীক সোধ-পোচ অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই ।  

লগতে পঢ়ক: Diwali 2023: গুৱাহাটীত সুৰা বিক্ৰীত পুনৰ অভিলেখ; দীপাৱলীৰ দুটা দিনত প্ৰায় ৭ কোটিৰ সুৰা বিক্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.