ETV Bharat / state

Diwali 2023: গুৱাহাটীত সুৰা বিক্ৰীত পুনৰ অভিলেখ; দীপাৱলীৰ দুটা দিনত প্ৰায় ৭ কোটিৰ সুৰা বিক্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 4:09 PM IST

Updated : Nov 14, 2023, 5:00 PM IST

গুৱাহাটীত সুৰা বিক্ৰীত পুনৰ অভিলেখ; দীপাৱলীৰ দুটা দিনত প্ৰায় ৭ কোটিৰ সুৰা বিক্ৰী
Liquor Sale in Dipawalai

দীপাৱলীত সুৰাৰ বন্যাত উটিল গুৱাহাটী মহানগৰী । গুৱাহাটীৰ সুৰাপায়ীয়ে ৰাজ্য চৰকাৰক দুটা দিনতে যথেষ্ট পৰিমাণৰ ৰাজহ প্ৰদানৰ লগতে সুৰাপানৰ ক্ষেত্ৰত অভিলেখো গঢ়িলে । মহানগৰীৰ সুৰাপায়ীয়ে দীপাৱলীৰ দুদিনত সেৱন কৰিলে প্ৰায় ৭ কোটি টকাৰ সুৰা ।

গুৱাহাটী, ১৪ নৱেম্বৰ : গুৱাহাটী মহানগৰীত সুৰা বিক্ৰীয়ে গঢ়িলে পুনৰ অভিলেখ ৷ দীপাৱলীৰ দুটা দিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ'ল প্ৰায় সাত কোটি টকাৰ সুৰা । আৱকাৰী বিভাগৰ তথ্য মতে, দীপাৱলীৰ দুটা দিনত ৬ কোটি ৮৩ লাখ টকাৰ সুৰা বিক্ৰী হয় ৰাজধানী চহৰখনত । যোৱা ১২ নৱেম্বৰত ৩ কোটি ৭২ লাখ টকা আৰু ১৩ নৱেম্বৰত ৩ কোটি ১১ লাখ টকাৰ সুৰা বিক্ৰী হয় ।

উল্লেখ্য যে বিগত বছৰ দীপাৱলীত গুৱাহাটী মহানগৰীত বিক্ৰী হৈছিল প্ৰায় ছয় কোটি টকাৰ সুৰা । উক্ত বছৰ দীপাৱলীৰ দুটা দিনত ৫ কোটি ৯৭ লাখ টকাৰ সুৰা বিক্ৰী হৈছিল ৰাজধানী চহৰখনত । দীপাৱলীৰ প্ৰথম দিনত ২ কোটি ৫৬ লাখ ৭০ হাজাৰ টকা আৰু দ্বিতীয় দিনত ২ কোটি ৪৪ লাখ ৬২ হাজাৰ টকাৰ সুৰা বিক্ৰী হৈছিল ।

দুৰ্গা পূজাৰ সময়তো গুৱাহাটী মহানগৰত সুৰা বিক্ৰীয়ে অভিলেখ পুনৰ । দুৰ্গা পূজাত গুৱাহাটীত ১৬.৮০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল । ৰাইজে মুকলি মনেৰে সকলো উৎসৱ উপভোগ কৰাৰ লগতে যেন সুৰাপায়ীসকলেও মুকলি মনেৰে পান কৰিলে সুৰা । যাৰ বাবে সুৰা বিক্ৰীৰ ক্ষেত্ৰত সৃষ্টি হয় এই অভিলেখ । ইফালে বিশ্বকৰ্মা পূজাৰ দিনটোতো গুৱাহাটীত বিক্ৰী হৈছিল মুঠ ৬.২০ কোটি টকাৰ সুৰা । আনহাতে, বিগত সময়ছোৱাত ফাকুৱাৰ দুদিনত ৰাজ্যত ১০.৬২ কোটি টকাৰ সুৰা বিক্ৰী হয় ।

উল্লেখ্য় যে উৎসৱ-পাৰ্বণ আদিৰ সময়ত ৰাজ্যখনত সুৰাৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰাটো নতুন কথা নহয় । বিশেষকৈ গুৱাহাটী মহানগৰী একপ্ৰকাৰে সুৰাৰ বন্যাত উটি-ভাহি যায় । লক্ষণীয় বিষয় যে প্ৰত্যেক বছৰেই সুৰাৰ বিক্ৰী তুলনামূলকভাৱে বৃদ্ধি পাই আহিছে । নৱবৰ্ষ, দুৰ্গা পূজা, বিহু, ফাকুৱা আদি বিভিন্ন উৎসৱ-পাৰ্বণত নতুন নতুন অভিলেখ গঢ়ি সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ।

পিছে সুৰাৰ এই ব্যাপক চাহিদা বৃদ্ধি ভালনে বেয়া সেয়া ৰাইজে বিবেচনা কৰিব । ইফালে ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰাজ্যজুৰি নতুনকৈ শ-শ সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ দিয়াৰ পৰিকল্পনা কৰিছে । ৰাজ্য়ত বিভিন্ন দল-সংগঠনৰ প্ৰবল বিৰোধিতা সত্ত্বেও চৰকাৰে কেইবাখনো জিলাত শ-শ সুৰা বিপণিৰ অনুজ্ঞা-পত্ৰ দিয়াৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক :Raas mahotsav:পদূলিমুখত ৰাস; উদুলি-মুদুলি গোলাঘাট

Last Updated :Nov 14, 2023, 5:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.