Raas mahotsav:পদূলিমুখত ৰাস; উদুলি-মুদুলি গোলাঘাট

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 3:07 PM IST

thumbnail

গোলাঘাট, 14 নৱেম্বৰ : সমাগত ৰাস মহোৎসৱক লৈ উখল-মাখল অসমৰ চৌদিশ ৷ বিভিন্ন স্থানত চলিছে ৰাসৰ আখৰা ৷ আখৰাৰ ধ্বনিত মুখৰিত হৈ পৰিছে আকাশ-বতাহ ৷ বিভিন্ন প্ৰান্তৰ দৰে গোলাঘাটতো পূৰ্ণ উদ্যমেৰে চলিছে ৰাসৰ প্ৰস্তুতি ৷

শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ বাবে এতিয়া গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ গাঁৱে ভূঞে চলিছে শ্ৰীকৃষ্ণৰ ৰাসৰ আখৰা ৷ কৃষ্ণ, দৈৱকীৰ লগতে গোপীসকলো ব্যস্ত এতিয়া ৰাসৰ আখৰাত ৷ গোলাঘাট জিলাৰ ফৰকাটিং তিৰুৱাল গাঁৱত ফৰকাটিং মূলাগাভৰু মহিলা সমিতিৰ উদ্যোগত নৱোদয় যুৱ সংঘ আৰু ফৰকাটিংবাসী ৰাইজৰ সহযোগত ২৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱৰ ব্যপক প্ৰস্তুতি চলিছে ৷ মুঠতে এতিয়া ৰাসৰ বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ গোলাঘাটৰ তিৰুৱাল গাঁৱৰ ডেকা-গাভৰু, কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে কিদৰে চলাইছে ৰাসৰ প্ৰস্তুতি চাওক-

লগতে পঢ়ক : Raas Mahotsava 2023: মাজুলীত ৰাস মহোৎসৱৰ ব্যাপক আয়োজন, ভিৰ কৰিছেহি দেশী-বিদেশী পৰ্যটকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.