GP singh visits Dhemaji: আমি কেন্দ্ৰক অসমৰ পৰা AFSPA প্ৰত্যাহাৰৰ অনুৰোধ জনাইছো- জি পি সিং

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 10:05 PM IST

thumbnail

ধেমাজি, 12 ছেপ্টেম্বৰ : মঙলবাৰে ধেমাজিত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ জিলা গ্ৰামোন্নয়ন অভিকৰণ প্ৰেক্ষাগৃহত ধেমাজি আৰু লক্ষীমপুৰ জিলাৰ আৰক্ষী বিষয়া সকলৰ উপস্থিতিত মত বিনিময় কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ AFSPA সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে অসমৰ পৰা AFSPA আঁতৰ কৰাৰ পিচত যদি অন্য ধৰণৰ পৰিস্থিতি উদ্ভৱ হয়, তাৰে সৈতে মোকাবিলা কৰিবলৈ যাতে ৰাজ্য চৰকাৰ সাজু হৈ থাকে ৷

মত বিনিময় অনুষ্ঠানত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মত ব্যক্ত কৰে জি পি সিঙে ৷ সাংবাদিকৰে সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰে যে, ‘বাল্য বিবাহৰ দ্বিতীয় পৰ্যায়ৰ অভিযানৰ বাবে সাজু কৰা হৈছে তথ্য ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আহিলেই অভিযান আৰম্ভ হ’ব’ ৷ লগতে তেওঁ কয় যে বি এম আই টেষ্টত অৱতীৰ্ণ হোৱা আৰক্ষীৰ যি তালিকা সাজু হৈছে তেওঁলোকৰ চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰা হ’ব ৷ ফলাফলৰ পিচতেই ডায়েট লিষ্ট দিয়া হ’ব ৷ বিগত ছমাহৰ কাম কাজৰ পৰ্যালোচনাও কৰা হয় ৷

লগতে পঢ়ক : Assam Cabinet recommends withdraw AFSPA : অসমৰ পৰা সম্পূৰ্ণভাৱে AFSPA আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব ৰাজ্য চৰকাৰে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.