Assam Cabinet recommends withdraw AFSPA : অসমৰ পৰা সম্পূৰ্ণভাৱে AFSPA আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব ৰাজ্য চৰকাৰে

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 1:43 PM IST

thumbnail

গুৱাহাটী, 9 ছেপ্টেম্বৰ : ‘‘অসমৰ পৰা সম্পূৰ্ণভাৱে AFSPA আৰু Distrub area act আঁতৰ কৰাৰ‌‌ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ‘‘কিন্তু আমি কেন্দ্ৰীয় চৰকাৰৰ, বিশেষকৈ গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্ত মানি চলিম ৷ কাৰণ আটাইবোৰ কথাৰ পাচতো কেন্দ্ৰীয় চৰকাৰেই পৰিস্থিতিৰ মূল্যায়ন কৰিব । অৱশ্যে ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত এতিয়ালৈকে আমি AFSPA সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পৰামৰ্শ দিয়াৰ সিদ্ধান্ত লৈছো ।” সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, শুকুৰবাৰে কইনাধৰাত অনুষ্ঠিত কৰা হয় ৰাজ্যিক কেবিনেটৰ এখন বৈঠক । এই বৈঠকৰ অন্তত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে । লগতে তেওঁ কয় এই কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে লোৱা কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : Assam Cabinet decision : ঘৰুৱা উপভোক্তাৰ বিদ্যুৎ মাচুল বৃদ্ধি নহয়; কেবিনেটৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.