Cyber crime: অভিজ্ঞ চাইবাৰ এক্সপাৰ্টৰ সহায়ত চলিছে চাইবাৰ অপৰাধৰ তদন্ত

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:37 PM IST

thumbnail

গুৱাহাটী,৪ অক্টোবৰ: "চাইবাৰ অপৰাধৰ লগত জড়িত কোনো সাৰি যাব নোৱাৰিব ।" এই মন্তব্য ডিজিপি জিপি সিঙৰ । তেওঁ কয় যে কোনো লোক পলাই থাকিলেও আৰক্ষীয়ে বিচাৰি উলিয়াব । চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলি থাকিব, অভিজ্ঞ চাইবাৰ এক্সপাৰ্টৰ সহায়ত অসম আৰক্ষীৰ তদন্ত চলি আছে বুলি তেওঁ মন্তব্য কৰে ।  

উল্লেখ্য যে, অবৈধ কল চেণ্টাৰৰ বিৰুদ্ধে ৰাজধানী চহৰখনত অপৰাধ শাখাৰ অভিযান অব্যাহত আছে । গণেশগুৰিৰ, ছয়মাইল, বেলতলা, কাহিলীপাৰা আদিকে ধৰি অপৰাধ শাখাই অবৈধ কল চেণ্টাৰ অভিযান চলাই আছে । অভিযানত কল চেণ্টাৰৰ পৰা অপৰাধ শাখাৰ দলে কম্পিউটাৰকে ধৰি বিভিন্ন সামগ্রী জব্দ কৰে ।  

ইফালে, অবৈধ কল চেণ্টাৰৰ আঁৰত গঢ়ি উঠা চাইবাৰ অপৰাধীৰ বৃহৎ নেটৱৰ্কত জড়িত থকা তছদিকুৰ ৰহমান নামৰ গুৱাহাটীৰ গান্ধীবস্তিৰ যুৱকজনে পলায়ন কৰা সন্দৰ্ভত মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই সুকীয়াকৈ তদন্ত আৰম্ভ কৰিছে । যোৱা ১৪ ছেপ্টেম্বৰৰ নিশা অবৈধ কল চেণ্টাৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে বৃহৎ অভিযান আৰম্ভ কৰাৰ কেইমুহূৰ্তমান আগত গান্ধীবস্তিৰ ফ্লেটৰ পৰা পলায়ন কৰিছিল তছদিকুৰ ৰহমানে ।

লগতে পঢ়ক: Jonmani Rabha death updates: জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল এখন তেজ লগা ৰুমাল-ম’বাইল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.