নলবাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 7:05 PM IST

thumbnail

নলবাৰী , ৩১ ডিচেম্বৰ : অহা ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ তিনিদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে নলবাৰীৰ মৰোৱাত অনুষ্ঠিত হ’ব শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিৱেশন । বাৰ্ষিক অধিৱেশনখনৰ প্ৰস্তুতিৰ প্ৰাকক্ষণত দেওবাৰে জিলাখনৰ মৰোৱা শংকৰদেৱ নামঘৰ প্ৰাংগনত তথা মৰোৱা শংকৰদেৱ ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰা হয় । লাঁইখুটা স্থাপন কৰে শংকৰদেৱ সংঘৰ নলবাৰী জিলা সমিতিৰ সভাপতি জগদীশ পাঠকে । সহস্ৰাধিক আই-বাপৰ উপস্থিতিত অধিৱেশনখনি সফল ৰূপত চলাই নিয়াৰ প্ৰয়াসেৰে গুৰুজনাৰ নাম ধ্বনিৰ মাজেৰে, মাংগলিক ৰীতি নীতিৰে স্থাপন কৰা হয় লাইখুঁটা । 

উল্লেখ্য যে, প্ৰায় ৫০ হাজাৰতকৈও অধিক আই-বাপ, ভক্তক আদৰিবলৈ সাজু উদ্যোক্তাসকল । আনহাতে এই জিলা শাখা বাৰ্ষিক অধিৱেশনৰ লগতে বৰভাগ আৰু পূব বৰক্ষেত্ৰী আঞ্চলিক শংকৰদেৱ সংঘৰো ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব বুলি জনায় আয়োজক সমিতিয়ে । এই কাৰ্যসূচীত সমূহ আই-বাপ, ভক্তবৃন্দৰ সহায় সহযোগ কামনা কৰে আয়োজকসকলে ।

লগতে পঢ়ক: গুৱাহাটীত উপস্থিত আলোচনাপন্থী আলফাৰ দল, বিমানবন্দৰত উষ্ম আদৰণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.